NORTHEAST NOW (Assamese)

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

July 15, 2025 6:21 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

বলীউড অভিনেত্ৰী আলিয়া ভাটৰ প্ৰাক্তন সহায়িকা বেদিকা প্ৰকাশ শ্বেট্টীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আলিয়াৰ ব্যক্তিগত একাউণ্ট আৰু তেওঁৰ প্ৰডাকচন সংস্থা ‘ইটাৰ্নেল ছানছাইন প্ৰডাকচন প্ৰাইভেট লিমিটেড’ৰ পৰা মুঠ ৭৬,৯০,৮৯২ টকা অপৰাধমূলকভাৱে আত্মসাৎ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বেদিকাই এই দুই একাউণ্ট ব্যৱহাৰ কৰি ধনৰ প্ৰৱঞ্চনা চলাইছিল।

 অভিযোগ অনুসৰি, তেওঁৰ চহী জাল কৰি একাউণ্টৰ পৰা বিপুল পৰিমাণৰ ধন উঠোৱা হৈছে। এই ঘটনাত আলিয়াৰ প্ৰাক্তন ব্যক্তিগত সহায়িকা বেদিকা প্ৰকাশ শেঠীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কেৱল অভিনেত্ৰীৰ ব্যক্তিগত একাউণ্টেই নহয়, তেওঁৰ প্ৰডাকচন সংস্থা ‘ইটাৰ্নেল ছানছাইন প্ৰডাকচনছ প্ৰাইভেট লিমিটেড’ৰ একাউণ্টৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগো বেদিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, বেদিকা প্ৰকাশ শেঠী আলিয়াৰ যথেষ্ট ঘনিষ্ঠ  আছিল আৰু ব্যক্তিগত সহায়ক হিচাপে কাম কৰি আছিল। এই পদৰ সুবিধা লৈ তেওঁ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। বিষয়টো পোহৰলৈ অহাৰ পিছত স্বাভাৱিকতে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি হৈছে।

ইটাৰ্নেল ছানছাইন প্ৰডাকচনৰ প্ৰথম ছবি হিচাপে ‘ডাৰ্লিংছ মুক্তি পোৱা হৈছিল, যিটো শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ সহযোগত প্ৰস্তুত কৰা হৈছিল। এই ছবিখনত আলিয়া ভাটৰ সৈতে বিজয় বাৰ্মা আৰু শ্বেফালী শ্বাহে মুখ্য ভূমিকা পালন কৰিছিল।নেটফ্লিক্সত মুক্তি পোৱা এই ছবিখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। বৰ্তমান আলিয়া তেওঁৰ পৰৱৰ্তী বৃহৎ প্ৰকল্প ‘Alpha’ৰ শ্বুটিঙত ব্যস্ত, যি এখন স্পাই ইউনিভাৰ্ছ ছবি আৰু তাত তেওঁ শৰ্বৰী মুখাৰ্জীৰ সৈতে অভিনয় কৰিব। এই ছবিখন ২০২৫ চনৰ ২৫ ডিচেম্বৰত মুক্তি পাব বুলি আশা কৰা হৈছে।

Related News