বলিউড এতিয়া ড্ৰাগছৰ ঘাটি হৈ পৰাৰ খবৰে বহুতৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতে উদ্যোগটোৰ একাংশ অভিনেতা- অভিনেত্ৰী অশ্লীল ছবি নিৰ্মাণত নামি পৰাৰ কথাই সকলোকে হতবাক কৰি তুলিছে।
মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে যোৱা নিশা মুম্বাইৰ পৰা পৰ্ণ ছবি নিৰ্মাণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী গহণা বশিষ্ঠক।
গন্দী বাত নামৰ বলিউডৰ ছবি খনৰ জৰিয়তে খলকনি তোলা গহণাই কেইবা খনো পৰ্ণ ছবিত অভিনয় কৰি সেই বোৰ নিজৰ ৱেৱছাইটত মেলি দিছিল।
৩২ বছৰীয়া গহণাই আনকি বলিউডৰ বি গ্ৰেডৰ বহু অভিনেত্ৰীক এনে ছবিত অভিনয় কৰোৱাইছিল বুলি অভিযোগ উঠিছে।
পৰ্ণ ছবি নিৰ্মাণ কৰি ধন ঘটাৰ সপোন দেখা গহণাই তেওঁৰ ৱেৱছাইটত তেনে ছবি চাবলৈ ২০০০ টকাৰ ছাবস্ক্ৰিপছনৰ ব্যৱস্থা কৰিছিল।
অৰ্থাৎ ২০০০ টকা ভৰিহে গহণাই অভিনয়য় কৰা পৰ্ণ ছবি বহুতে উপভোগ কৰিব পাৰিছিল।
মুম্বাই আৰক্ষীৰ নজৰত পৰা গহণা বশিষ্ঠ দৰাচলতে কোন? গহণাৰ প্ৰকৃত নাম বন্দনা।
ছট্টিশগড়ৰ বাসিন্দা বন্দনাই মুম্বাইলৈ আহি মডেলিঙৰ জগত খনত ভৰি দিছিল আৰু ২০১২ চনত মিছ এছিয়া বিকিনিৰ খিতাপো জিকিছিল।
ষ্টাৰ প্লাছৰ ধাৰাবাহিক ‘বহনে’ত বন্দনাই এটা পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল।
ইয়াৰোপৰি তেওঁ কেইবা খনো বি গ্ৰেডৰ ছবি আৰু দক্ষিণ ভাৰতীয় ছবিতো অভিনয় কৰিছিল।
একতা কাপুৰৰ এএলটি বালাজীয়ে প্ৰস্তুত কৰা ৱেৱ ছিৰিজ ‘গন্দি বাত’ত অভিনয় কৰি বন্দনাই বহুতৰে মাজত পৰিচিত হৈ পৰে।
সেই গৰাকী বন্দনাই সহজে ধনী হোৱাৰ বাসনাৰে ৮৭ খনৰো অধিক পৰ্ণ ছবিত অভিনয় কৰি সেই নিজৰ ৱেৱছাইটত মুকলি কৰি দিছিল।