NORTHEAST NOW (Assamese)

কৰ’না আক্ৰান্তৰ শুশ্ৰুষাৰ বাবে নাৰ্ছ হ’ল এগৰাকী অভিনেত্ৰী; হাস্পাতলত ব্যস্ত ৰোগীৰ সেৱাত

March 29, 2020 2:35 pm · এন ই নাও নিউজ
অভিনেত্ৰী শিল্পা মালহোত্ৰা।

ক’ৰনা ভাইৰাছ আতংকৰ পাছত লোকসকলে নিজৰ ঘৰতে আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে। ইপিনে, চিকিৎসক, নাৰ্ছ, আৰক্ষী আৰু সংবাদ কৰ্মীকে ধৰি কিছুমান লোক বাহিৰলৈ ওলোৱাটো জৰুৰী।

লকডাউনৰ পাছতো কৰ’না ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্য বৃদ্ধি পাই আছে। এনে লোকসকলক সহায় কৰাৰ বাবে চিকিৎসক আৰু নাৰ্ছসকলে দিনে-নিশাই সেৱাত ব্ৰতী হৈছে।

ইয়াৰ মাজতে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শিখা মালহোত্ৰায়ো কৰ’না আক্ৰান্ত ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

শিখা মালহোত্ৰাই কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক সেৱা কৰাৰ বাবে গধূৰ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ বৃহৎমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ (বি এম চি) সৈতে মিলি কৰ’না ভাইৰাছ ৰোগীৰ সেৱা কৰাৰ দায়িত্ব লৈছে।

ছবি উদ্যোগলৈ অহাৰ পূৰ্বে শিখাই নাৰ্ছিঙৰ পাঠ্যক্ৰম কৰিছিল। বৰ্ধমান মহাবীৰ মেডিকেল কলেজ আৰু নতুন দিল্লীৰ ছফদৰজং হাস্পাতলৰ পৰা তেওঁ নাৰ্ছিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।

অৱশ্যে, অভিনয় জগতলৈ অহাৰ বাবে তেওঁ কেতিয়াও নাৰ্ছিঙৰ অনুশীলন সম্পূৰ্ণ কৰা নাছিল।

বৰ্তমান দেশৰ লগতে সমগ্ৰ বিশ্বতে সংহাৰৰ সৃষ্টি কৰাৰ সময়ত শিখাই সম্পূৰ্ণ স্বেচ্ছাসেৱী নাৰ্ছ হিচাপে ৰোগীক সেৱা কৰাৰ সিদ্ধান্ত লৈছে। বি এম চিয়ে ইয়াৰ বাবে তেওঁক অনুমতি পত্ৰও প্ৰদান কৰিছে।

শিখাক যোগেশ্বৰী ইষ্টত থকা হিন্দু হৃদয় সম্ৰাট বালাচাহেব ট্ৰউমা হাস্পাতলত ভেন্টিলেটৰ কৰাৰ সুযোগ দিয়া হৈছে। তেওঁক আইছ’লেশ্যন ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা তেওঁৰ এখন ফটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে: ‘’কলেজত নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত আমি সমাজৰ সেৱা কৰাৰ সংকল্প লৈছিলো। মই ভাবো সেই সময় আহি পৰিছে।‘’

Related News