প্ৰধানমন্ত্ৰী মোদীয়ে নিটি আয়োগৰ আপত্তি আওকান কৰি আদানীক গতালে বিমানবন্দৰ : ৰাহুল গান্ধী

আদানী গ্ৰুপক লৈ কেন্দ্ৰীয় চৰকাৰক অহৰহ আক্ৰমণ অব্যাহত ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ বিৰোধীয়ে। মঙলবাৰে সংসদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ বিৰুদ্ধে আদানী গ্ৰুপৰ আৰু আদানীৰ সৈতে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সম্পৰ্ক বিষয়ে কেইবাটাও অভিযোগ উত্থাপন কৰে।

আদানী গ্ৰুপৰ বিমান উদ্যোগত প্ৰৱেশৰ সম্পৰ্কত সংসদত ৰাহুল গান্ধীয়ে আক্ৰমণ কৰি কয় যে আদানী গ্ৰুপক বিমান খণ্ডত প্ৰৱেশৰ সুবিধাৰ বাবেই নৰেন্দ্ৰ মোদী চৰকাৰে নিয়মৰ পৰিৱৰ্তন কৰিছিল আৰু তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰেৰে জোৰ-জবৰদস্তি কৰি মুম্বাই বিমানবন্দৰসমূহৰ পূৰ্বৰ অপাৰেটৰসকলক উৎখাত কৰি আদানীৰ হাতত অপৰ্ণ কৰিছিল।

অভিযোগ অনুসৰি ২০১৯ চনৰ বিমানবন্দৰৰ নিবিদা প্ৰক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয় আৰু নিটি আয়োগে অসামৰিক বিমান পৰিবহণ নীতিৰ সংশোধনী ক্ষেত্ৰত আপত্তি দাখিল কৰাৰ পিছতে আদানী গ্ৰুপে বিমান উদ্যোগত প্ৰৱেশ কৰিছে। 

আপত্তিসমূহ কেন্দ্ৰই নাকচ কৰাৰ পিছত আদানী গ্ৰুপে প্ৰস্তাৱ কৰা ছটা বিমানবন্দৰৰ নিবিদা আৰম্ভ হয়। মুণ্ড্ৰাত ব্যক্তিগত বিমানবন্দৰ চলোৱাৰ পৰা আৰম্ভ কৰি পৰিচালনা কৰা বিমানবন্দৰৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বিকাশ আৰু যাত্ৰী যাতায়তৰ ক্ষেত্ৰত দ্বিতীয় বৃহত্তম হোৱালৈকে ২৪ মাহতকৈ কম সময়ৰ ভিতৰতে আদানী গ্ৰুপে এইবোৰ কৰে।

আহমেদাবাদ, লক্ষ্ণৌ, মাঙ্গালুৰু, জয়পুৰ, গুৱাহাটী আৰু তিৰুৱনন্তপুৰমৰ বিমানবন্দৰসমূহ ব্যক্তিগতকৰণৰ বাবে নিবিদা আহ্বান কৰাৰ পূৰ্বে কেন্দ্ৰৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব মূল্যায়ন সমিতিয়ে (পিপিপিএচি) ১১ ডিচেম্বৰ ২০১৮ তাৰিখে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এই প্ৰক্ৰিয়াৰ প্ৰস্তাৱৰ ওপৰত আলোচনা কৰে।

এই আলোচনাৰ সময়ত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ এটা টোকাত কোৱা হৈছে যে, “এই ছটা বিমানবন্দৰ প্ৰকল্প অতি মূলধন-নিবিড় প্ৰকল্প, গতিকে এটা দফা অন্তৰ্ভুক্ত কৰিব লাগে যাতে এজন নিবিদাকাৰীক দুটাতকৈ অধিক বিমানবন্দৰ প্ৰদান কৰা নহয়। উচ্চ বিত্তীয় বিপদ আৰু কৰ্মক্ষমতাৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা ৰখাটো প্ৰয়োজনীয়। লগতে বিভিন্ন কোম্পানীক সেইবোৰ দিলে প্ৰতিযোগিতামূলক মনোভাৱৰো সৃষ্টি হ’ব।” পিপিপি কোষৰ এজন সঞ্চালকে ২০১৮ চনৰ ১০ ডিচেম্বৰত এই ডি ই এ এই টোকাটো পিপিপিএচিত দাখিল কৰিছিল।

ইফালে, ডি ই এয়ে লক্ষ্য কৰে একেদিনাই বিমানবন্দৰৰ নিবিদা সন্দৰ্ভত নিটি আয়োগে এক বেলেগ উদ্বেগ প্ৰকাশ কৰে। চৰকাৰৰ প্ৰিমিয়াৰ পলিচি থিংক টেংকৰ পিপিপি ভাৰটেকেলে প্ৰস্তুত কৰা এখন স্মাৰকপত্ৰত কোৱা হৈছে যে পৰ্যাপ্ত কাৰিকৰী ক্ষমতাৰ অভাৱত নিবিদাকাৰীয়ে প্ৰকল্পটোক বিপদত পেলাব পাৰে আৰু সেৱাৰ মানদণ্ডৰ সৈতে আপোচ কৰিব পাৰে।

অৰ্থাৎ নিটি আয়োগৰ আপত্তিৰ পিছতো কেৱল আদানীৰ স্বাৰ্থতে নীতি নিয়ম সংশোদধন কৰি নৰেন্দ্ৰ মোদী চৰকাৰে আদানী গ্ৰুপক দেশৰ ছটাকৈ অতি ব্যস্ত আৰু লাভজনক বিমানবন্দৰ গতাই দিয়ে।