তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

গৌতম আদানীৰ সম্পত্তি খহনীয়া এতিয়াও ৰোধ হোৱা নাই। বৰং তাচপাচৰ দৰেই হোৰাহোৰে খহিছে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ।

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ পিছৰ পৰাই গৌতম আদানীৰ কোম্পানীসমূহৰ শ্বেয়াৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে।

শুকুৰবাৰ, ৩ ফেব্ৰুৱাৰীত আদানি গ্ৰুপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ কোম্পানী আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ শ্বেয়াৰ ৩৫%লৈ হ্ৰাস পায়। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ তথ্যৰ মতে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছত ২ ফেব্ৰুৱাৰীলৈকে আদানী গ্ৰুপৰ ৯ টা কোম্পানীৰ মুঠ ৯.২২ লাখ কোটি টকা ডুব গৈছে। আদানী এণ্টাৰপ্ৰাইজ আৰু আদানী টোটেল গেছে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

আদানী গ্ৰুপৰ ৯টা কোম্পানীৰ মুঠ মূল্য এতিয়া শ্বেয়াৰ বজাৰত ১০.৪১ লাখ কোটি টকালৈ হ্ৰাস পাইছে। এমাহ আগলৈকে (৩০ ডিচেম্বৰ) তেওঁলোকৰ মাৰ্কেট কেপ আছিল ১৯.৬৩ লাখ কোটি টকা। কোম্পানী আদানী এণ্টাৰপ্ৰাইজ আৰু আদানি টোটেল গেছৰ মুঠ লোকচানৰ পৰিমাণ প্ৰায় ৫০%।

২০২২ চনৰ ৩০ ডিচেম্বৰলৈকে আদানী এণ্টাৰপ্ৰাইজৰ মুঠ মূল্য আছিল ৪.৪০ লাখ কোটি টকা, যিটো এতিয়া মাত্ৰ ১.৭৮ লাখ কোটি টকালৈ হ্ৰাস পাইছে। একেদৰে আদানী টোটেল গেছৰ মূল্য আছিল ৪.০৬ লাখ কোটি টকা, যিটোৰ বৰ্তমান ১.৮৮ লাখ কোটি টকালৈ হ্ৰাস পাইছে।

আদানী গ্ৰুপৰ কোম্পানীসমূহৰ মূল্য হ্ৰাস পোৱাৰ পিছত গ্ৰুপৰ গৰাকী গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণটো যথেষ্ট প্ৰভাৱ পৰিছে। এসময়ত বিশ্বৰ কোটিপতিৰ তালিকাত দ্বিতীয় স্থান দখল কৰা আদানীয়ে এতিয়া শীৰ্ষ ২০ ৰপৰাও বাহিৰ গৈছে। ব্লুমবাৰ্গ বিলিয়নাৰ ৩ ফেব্ৰুৱাৰীৰ তালিকাৰ মতে গৌতম আদানী এতিয়া ২১ নম্বৰ স্থানত আছে।