অক্টোবৰৰ পৰা চৰকাৰীভাৱে বিতৰণ কৰা হ’ব আধাৰ কাৰ্ড

aadhar card guwahati

ৰাজ্যখনত চৰকাৰীভাৱে আধাৰ কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে ৬খন ব্যক্তিগত খণ্ডৰ ফাৰ্মক দায়িত্ব অর্পণ কৰা হৈছে। অক্টোবৰ মাহৰ পৰাই সকলো জিলাতে চৰকাৰীভাৱে আধাৰ কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

ৰাজ্যখনৰ ৩৩খন জিলাত মুঠ ১২৪১টা কেন্দ্ৰৰ জৰিয়তে আধাৰ কাৰ্ড বিতৰণৰ ব্যৱস্থা কৰা হ’ব। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই তথ্য সদৰী কৰাৰ লগতে ইতিমধ্যে এই সন্দৰ্ভত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথাও জানিব দিয়ে।

উল্লেখযোগ্য যে অসমত আধাৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ নিবিদাত মুঠ ২২খন ফাৰ্মে অংশগ্ৰহণ কৰিছিল যদিও তাৰ মাজৰ পৰা চৰকাৰে ৬খন ফাৰ্মক বাছনি কৰিছে। এই ফাৰ্মকেইখনে ১২৪১টা কেন্দ্ৰৰ জৰিয়তে বিনামূলীয়াকৈ জনসাধাৰণৰ মাজত আধাৰ কাৰ্ড বিতৰণ কৰিব।

উল্লেখযোগ্য যে আধাৰ নম্বৰ বা কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহ’ব বুলি চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে। আধাৰ কাৰ্ডৰ বাবে জনসাধাৰণে কোনো মূল্য আদায় দিব নালাগে বুলিও চৰকাৰে স্পষ্ট কৰি দিছে।

আধাৰ কাৰ্ডৰ আৱেদনৰ বাবে প্ৰপত্ৰ জনসাধাৰণে আধাৰ কেন্দ্ৰ, বেংক, ডাকঘৰত উপলব্ধ হোৱাৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ ইউ আই ডি এ আইৰ ৱেবছাইটৰ পৰা ডাউনল’ড কৰিব পাৰিব।

আনহাতে, আধাৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ কিছু নিৰ্দেশনা জাৰি কৰিছে। আধাৰ কাৰ্ডৰ বাবে  আৱেদনৰ পৰা প্ৰদান কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যেৰে এই নিৰ্দেশনা জাৰি কৰা হৈছে।