Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

আদিত্য ঠাকৰে।

মহাৰাষ্ট্ৰৰ পৰ্যটন মন্ত্ৰী তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেই সোমবাৰে দাবী কৰে যে একনাথ সিন্দেৰ বিদ্ৰোহী শিবিৰৰ বিধায়কসকলৰ ভিতৰত প্ৰায় ১৫ৰ পৰা ২০ জন শিৱসেনা বিধায়কে শিৱসেনাৰ কাষ চাপিছে আৰু  তেওঁলোকক গুৱাহাটীৰ পৰা মুম্বাইলৈ ঘূৰাই আনিবলৈ দলক অনুৰোধ জনাইছে।

ঠাকৰেই লগতে দাবী কৰে যে তেওঁলোকক বন্দীৰ দৰে হোটেলত ৰখা হৈছে আৰু তেওঁলোকে ঘূৰি আহিব বিচাৰে। শিৱসেনাই দাবী কৰিছে যে বিদ্ৰোহী শিবিৰে কিছুমান বিধায়কক অপহৰণ কৰিছে বা বলপূৰ্বক লৈ গৈছে। প্ৰায় ১৫-২০ জন বিধায়ক তেওঁলোকৰ সৈতে যোগাযোগত আছে বুলি কোৱা হৈছে।

লগতে পঢ়ক: Russia-Ukraine war: ইউক্ৰেইনৰ ক্ৰেমেনচুকৰ বিপণন কেন্দ্ৰত ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত ১৬,আহত ৪০

আদিত্য ঠাকৰেই মুম্বাইৰ উপকণ্ঠৰ কাৰজাহত শিৱসেনা কৰ্মীসকলক কয় যে প্ৰতিজন শিৱ সৈনিকে সাম্প্ৰতিক পৰিস্থিতিক এটা সমস্যা নহয় এটা সুযোগ হিচাপে চাইছে।

বৰ্তমান ৯জন মন্ত্ৰীকে ধৰি শিৱসেনাৰ বেছিভাগ বিধায়কে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। একনাথ সিন্দে মুঠ ৫৫ জন বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰিছে।

আদিত্যই কৈছে যে কিছুমান নেতাক অন্ধভাৱে বিশ্বাস কৰা হৈছিল আৰু তেওঁলোকক সংগঠনটোত নিৰন্তৰ পদোন্নতিৰ সুযোগ দিয়া হৈছিল।

তেওঁ লগতে কয় যে দল ত্যাগ কৰা বিধায়কসকল প্ৰকৃততে “বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে ‘নলা’ আৰু আৱৰ্জনা পৰিষ্কাৰ কৰাৰ দৰে।”

লগতে পঢ়ক: Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

আনহাতে, ৰাজ্যখনৰ ৰাজনৈতিক সংকটৰ মাজতে শিৱসেনাৰ নেতা তথা উদ্ধৱ ঠাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতক ইডিয়ে ধন সৰবৰাহৰ এক গোচৰত তলব কৰিছে। ৰাউতে অৱশ্যে স্পষ্ট কৰি দিছে যে তেওঁ এতিয়া উপস্থিত নহয় আৰু কেন্দ্ৰীয় সংস্থাটোৰ পৰা সোধা-পোছাৰ বাবে আন এটা তাৰিখ বিচাৰিব।