ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠন কৰা উপদেষ্টা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলে প্ৰতিবেদন

পৰামৰ্শাৱলী সমূহৰ অধ্যয়ন আৰু ৰূপায়ণৰ বিস্তৃত পৰিকল্পনা যুগুতোৱাৰ বাবে তিনি জনীয়া মন্ত্ৰী গোটৰ সমিতি গঠনৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

কোভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে আৰোপ কৰা ল’কডাউনৰ ফলত দুৰ্বল হোৱা ৰাজ্যখনৰ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্যসচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন কৰি দিয়া উপদেষ্টা সমিতিখনে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত তেওঁলোকৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।

এই প্ৰতিবেদন লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উপদেষ্টা সমিতিখনে আগবঢ়োৱা পৰামৰ্শাৱলীসমূহৰ বিস্তৃত অধ্যয়ন আৰু ৰূপায়ণৰ বিস্তৃত পৰিকল্পনা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তিনিজনীয়া মন্ত্ৰী গোটৰ সমিতি এখন গঠনৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে কোভিড-১৯ সৃষ্ট লকডাউনৰ ফলত দুৰ্বল হোৱা ৰাজ্যখনৰ অৰ্থনীতি তথা আৰ্থ-সামাজিক দিশ আৰু খণ্ড ভিত্তিক ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত এখন সাতজনীয়া উপদেষ্টা সমিতি গঠন কৰিছিল।

এই সমিতিখনে বৰ্তমানৰ পৰিস্থিতিৰ বিস্তৃত অধ্যয়ন কৰি আজি ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

এই সমিতিখনে কোভিড-১৯ৰ ফলত আৰোপ কৰা ল’কডাউনৰ ফলত প্ৰভাৱিত ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ সকলোবোৰ বিষয,  চৰকাৰী বিভাগসমূহৰ পৰামৰ্শাৱলী তথা বিভিন্ন সংস্থা তথা জনসাধাৰণৰ মতামত গ্ৰহণ কৰি দুটা পৰ্যায়ৰ পৰামৰ্শৱালী প্ৰদান কৰিছে।

সেই সমূহ হ’ল ক্ৰমে হ্ৰস্বকালীন, মজলীয়া আৰু দীৰ্ঘকালীন অনুমোদনাৱলী। এই সমিতিখনে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ড, উদ্যোগ, ব্যৱসায়-বাণিজ্য, পৰিবহণ, পৰ্যটন আৰু আতিথ্য খণ্ড, নিৰ্মাণ খণ্ড, প্ৰব্ৰজিত শ্ৰমিকসহ নিয়োজন ইত্যাদি খণ্ডৰ খণ্ড ভিত্তিক অনুমোদনাৱলী সমূহ সন্নিবিষ্ট কৰিছে। সমিতিখনে ক্ষুদ্ৰ ব্যৱসায়ী, দোকান আৰু অন্যান্য ব্যৱসায় খণ্ড, বাণিজ্য আৰু পৰিবহন খণ্ড, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী আৰু কলা-কুশলী, চলচ্চিত্ৰৰ লগত জড়িত থকা কলা-কুশলী তথা অন্যান্য কৰ্মচাৰী সকলৰ বাবেও কিছু সংখ্যক পৰামৰ্শ প্ৰদান কৰিছে।

সমিতিখনে উপলব্ধি কৰিছে যে যিহেতুকে পৰ্যায়ক্ৰমে অৰ্থনৈতিক কাম-কাজ সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম কৰি তোলাটো অতিশয় প্ৰয়োজনীয়,সেয়েহে বৰ্তমানে বন্ধ হৈ থকা খণ্ড বিশেষকৈ পৰ্যটন আৰু আতিথ্য খণ্ড, হোটেল, ৰেস্তোৰেন্ট আৰু অন্যান্য সেৱা খণ্ড তথা উদ্যোগ খোলাৰ দিশত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট’ক’ল, নীতি-নিয়ম আৰু নিদেৰ্শনা ইত্যাদি যুগুতাই উলিওৱাটো প্ৰয়োজনীয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  ৰাজ্যখনৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ দিশত বিভিন্ন দিশ অধ্যয়ন কৰি পৰামৰ্শৱালীসমূহ ক্ষিপ্ৰভাবে প্ৰদান কৰাৰ বাবে সুভাষ চন্দ্ৰ দাস নেতৃত্বাধীন সমিতিখনৰ সকলো সদস্যকে বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন কৰা সমিতিখনৰ আন সদস্যসকল হ’ল কে এম বুজৰবৰুৱা, এন পি বেজবৰুৱা, জয়দ্বীপ বৰুৱা, অমিয় শৰ্মা, গৌতম গোস্বামী আৰু কৃষ্ণকান্ত বৰা।

মুখ্যমন্ত্ৰী সোণোৱালে লগতে এই সমিতিখনে আগবঢ়োৱা পৰামৰ্শৱালীসমূহৰ অধ্যয়ন তথা ৰূপায়ণৰ এক বিস্তৃত পৰিকল্পনা প্ৰস্তুতৰ বাবে তিনিজনীয়া মন্ত্ৰী গোটৰ সমিতি এখন গঠনৰ কথা ঘোষণা কৰিছে।