প্ৰকৃতিৰ সংহাৰ! আফগানিস্তানত ভূমিকম্পত মৃত্যুৰ সংখ্যা ২০০০ অতিক্ৰম

ফটোঃ সংগ্ৰহীত।

পশ্চিম আফগানিস্তানত ধাৰাবাহিকভাৱে সংঘটিত ভূমিকম্পৰ ফলত ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আহত হৈছে ৯ হাজাৰৰো অধিক লোক। তালিবান চৰকাৰে এই তথ্য প্ৰকাশ পাইছে।

প্ৰাদেশিক চৰকাৰৰ উপ-মুখপাত্ৰ বিলাল কৰিমীয়ে দেওবাৰ পুৱা জনাইছিল যে, ‘মৃতকৰ সংখ্যা ১০০০ৰো অধিক। চূড়ান্ত সংখ্যা কিমান হ’ব তাৰ বাবে আমি অপেক্ষা কৰি আছো।

তালিবান চৰকাৰৰ দুৰ্যোগ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মোল্লা জান ছায়েকে সংবাদ সংস্থা ৰয়টাৰক জনোৱা মতে, এই ভূমিকম্পত ২হাজাৰ ৫৩ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ৯ হাজাৰ ২৪০ জন লোক। মুঠতে ১ হাজাৰ ৩২৯ টা ঘৰ ধ্বংস হৈছে।

লগতে পঢ়কঃ ইজৰাইল-পেলেষ্টাইন যুদ্ধত শনিবাৰৰ পৰা আৱদ্ধ বলীউদ অভিনেত্ৰী; অৱশেষত আহিল খবৰটো!

বিগত কেইবছৰৰ ভিতৰত এই ভূমিকম্পক আটাইতকৈ ভয়াৱহ বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, ভূমিকম্পৰ ফলত বহু গাঁও মাটিত মিহলি হৈ গৈছে। ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। উদ্ধাৰকাৰীয়ে আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে।

আফগানিস্তানৰ হেৰাট প্ৰদেশৰ ৰাজধানীৰ পৰা ৩০ কিলোমিটাৰ উত্তৰ-পশ্চিমে শনিবাৰে স্থানীয় সময় অনুসৰি ১১:০০ বজাত ৬.৩ ৰিখটাৰ স্কেলৰ এটা ভূমিকম্প সংঘটিত হয়। ইয়াৰ পিছত আৰু আঠটা শক্তিশালী আফটাৰশ্বক।

বাতৰি অনুসৰি, ভূমিকম্পৰ ফলত দুৰ্গম গ্ৰাম্য অঞ্চলৰ ঘৰবোৰ ভাঙি পৰে। চহৰ অঞ্চলত বিয়পি পৰে আতংক। আতংকিত মানুহবোৰ ৰাস্তালৈ নামি আহে।

বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, হেৰাট প্ৰদেশৰ কমেও ১২খন গাঁৱত ৬০০ৰো অধিক ঘৰ ধ্বংস বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলসমূহত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ৪ হাজাৰ ২০০ জন।

লগতে পঢ়কঃ দুৰ্যোগত বিপৰ্যস্ত ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক

অৱশ্যে যোৱা নিশা বিশ্ব স্বাস্থ্য সংস্থাই কয় যে তালাচী আৰু উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বছিৰ আহমেদ নামৰ এজন ৪২ বছৰীয়া স্থানীয় লোকে জনোৱা মতে, ভূমিকম্পৰ প্ৰথম জোকাৰণিতে আটাইকেইটা ঘৰ ভাঙি যায়। ঘৰৰ ভিতৰত থকা সকল ধ্বংসাৱশেষৰ তলত পোত খাই পৰিছে। বহু পৰিয়ালৰ অৱস্থাৰ কোনো তথ্য পোৱা হোৱা নাই।

প্ৰথম ভূমিকম্প অনুভৱ কৰাৰ সময়তে হেৰাটৰ বহু বাসিন্দাই ঘৰ এৰি পলায়ন কৰে। বিদ্যালয়, চিকিৎসালয় আৰু কাৰ্যালয় খালী হৈ পৰে। ভূমিকম্পৰ পিছত মহানগৰত হতাহতিৰ খবৰ কমেইহে পোৱা গৈছে।

২০২১ চনত দেশত পুনৰ ক্ষমতালৈ আহিছিল তালিবান। তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত দেশখনলৈ বিদেশী সাহায্য বহুলাংশে প্ৰত্যাহাৰ কৰা হয়। আফগানিস্তানত ভয়াৱহ মানৱীয় সংকটত পৰে। ইয়াৰ ভিতৰতে দেশত হোৱা ভূমিকম্পৰ ফলত ব্যাপকভাৱে প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে।

লগতে পঢ়কঃঅধিক সুন্দৰী হোৱাৰ বাসনা! প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ‘ল অভিনেত্ৰী জেকলিনৰ; সাৱটিলে মৃত্যুক

ইৰাণৰ সীমান্তৱৰ্তী হেৰাট প্ৰদেশৰ জনসংখ্যা প্ৰায় ১ কোটি ৯০ লাখ। ইতিমধ্যে অঞ্চলটোত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। খৰাং পৰিস্থিতিয়ে ইতিমধ্যে প্ৰদেশখনৰ কৃষক গোষ্ঠীক পংগু কৰি তুলিছে।

আফগানিস্তানত সঘনাই ভূমিকম্প সংঘটিত হয়। বিগত বৰ্ষৰ জুন মাহত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প দেশত সংঘটিত হৈছিল। ইয়াৰ ফলত ১ হাজাৰৰো অধিক লোকৰ মৃত্যু আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে।