• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাহৰিৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ তথ্য ভুল, পদত্যাগ দাবী

উত্তম শইকীয়া by উত্তম শইকীয়া
May 9, 2020 9:45 pm
African swine fever: Bokakhat organisation refutes official pig death data in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা ছোৱাইন ফিভাৰৰ ভয়াৱহতাৰ সময়ত দৰিদ্ৰ লোকক ক্ষতিপূৰণ প্ৰদানৰ বিপৰীতে গাহৰিৰ মৃত্যু সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছে জীপাল কৃষক–শ্ৰমিক সংঘই৷

সংঘৰ হৈ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু সম্পাদক প্ৰণৱ দলেই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে, জীৱিকা নিৰ্বাহৰ বাবে গাহৰি পালন আৰু কৃষিকৰ্মক মূল উৎস হিচাপে গ্ৰহণ কৰা অসমৰ বহু হাজাৰ পৰিয়াল সম্প্ৰতি এক অবৰ্ণনীয় বিপৰ্যয়ৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে।

সংগঠনটোৰ মতে আফ্ৰিকান ছোৱাইন ফিভাৰত ৰাজ্যত ২৬০০টা গাহৰিৰ মৃত্যু হোৱা বুলি মন্ত্ৰী অতুল বৰাই যি তথ্য প্ৰকাশ কৰিছে সেয়া সম্পূৰ্ণ ভুৱা৷

সংগঠনটোৰ মতে কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতৰ দুসুঁতিমুখ গাঁও পঞ্চায়তৰ চেলেক গাঁৱৰ ২৩৭টা পৰিয়ালৰ ৪২০১টা গাহৰিৰ ইতিমধ্যেই মৃত্যু ঘটিছে৷

একেদৰে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ টেঙানি গাঁওপঞ্চায়তৰ নিকৰি গাঁৱত ১৯৪টা গাহৰি মৃত্যু হেৱাৰ উপৰিও গোগামুখৰ ৯খন গাঁও পঞ্চায়তৰ ৬০খন গাঁৱৰ ১৪,৬৪৭টা, শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ কতিয়ৰি, ভীমপাৰা, দলপা, ৰজাবাৰী গাঁৱত ৫০০০তকৈ অধিক গাহৰি, দিচাংমুখ অঞ্চলৰ অন্তৰ্গত অফলা গাঁৱত ১১০০টা গাহৰি,  দিখৌমুখৰ আলিমূৰ–বৰগাঁৱত ৫০০ৰো অধিক গাহৰি আৰু লক্ষীমপুৰৰ কদম মিচিং গাঁও, ৰঙানদী পাৰ, ঘাগৰ–মাতমৰা অঞ্চলত ১৫০০ৰো অধিক গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু ঘটিছে৷

সংগঠনটোৱে কয় যে এনে সময়ত মন্ত্ৰী অতুল বৰাৰ চূড়ান্ত উদাসীনতা তথা ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি বিভাগীয় একাংশ বিষয়া–কৰ্মচাৰীয়ে ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ প্ৰস্তুত কৰা ভুল তথ্যৰ ওপৰত ভিত্তি কৰি মন্ত্ৰীগৰাকীয়ে আবোল–তাবোল বকি ৰাইজক বিভ্ৰান্তহে কৰিছে৷

এয়া কেৱল ৰাজ্যখনৰ কেইটামান ঠাইৰ প্ৰতীকী উদাহৰণহে বুলি উল্লেখ কৰি প্ৰয়োজন সাপেক্ষে কমদিনৰ ভিতৰতেই ৰাজ্যৰ সমগ্ৰ জিলাৰ খতিয়ান দিব পৰাকৈ জীপাল সক্ষম বুলি বিবৃতিত উল্লেখ কৰিছে৷

বিবৃতিত উল্লেখ কৰা মতে, লকডাউনৰ বাবে আন্তঃজিলা, উত্তৰ–পূবৰ ৰাজ্যৰ সমূহ বজাৰ বন্ধ থকাৰ বাবে গাহৰিৰ ব্যৱসায়ো একেবাৰে বন্ধ হৈ পৰিছিল৷ ৰিজ’ৰ্ট–ৰেষ্টুৰেণ্ট আদিও বন্ধ হৈ পৰাত গাহৰি মাংসৰ চাহিদাও হ্ৰাস পাইছিল৷

সংগঠনটোৱে ক্ষতিগ্রস্ত অঞ্চলসমূহত পশু চিকিৎসা বিভাগ আৰু প্ৰশাসনৰদ্বাৰা পশুপালক আৰু খেতিয়কসকলক জৰুৰী সেৱা প্ৰদান কৰাৰ দাবী তুলিছে৷

লগতে বৰ্তমান সময়ৰ বজাৰ মূল্য অনুসৰি গাহৰি সমূহৰ মৃত্যুৰ ক্ষতিপূৰণৰ বাবে চৰকাৰী সাহায্যৰ তাৎক্ষণিক ঘোষণাৰ উপৰিও বিশেষ পেকেজ দাবী কৰে সংগঠনটোৱে৷

ছোৱাইন ফিভাৰ আক্ৰান্ত অঞ্চলবোৰত শীঘ্ৰেই পশু চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে  অৰ্থনৈতিক বিপৰ্যয় আৰম্ভ হোৱাৰ আগতেই গাহৰিৰ মৃত্যুৰ বিষয়টোত মুখ্য মন্ত্ৰীৰ পদক্ষেপ গ্ৰহণ দাবী কৰে জীপালে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd