অসমৰ ৪ জিলাত পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন

অসমৰ মুঠ ৪ জিলাত পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰত পুনৰ ৬ মাহৰ বাবে এই আইনৰ ম্যাদ বৃদ্ধি কৰিছে গৃহ বিভাগে।

মঙলবাৰে জাৰি কৰা এক চৰকাৰী অধিসূচনাত কোৱা হৈছে যে বাংলাদেশত শেহতীয়াকৈ সংঘটিত অশান্তি আৰু আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ফলত উদ্ভৱ হ’ব পৰা সাম্ভাব্য কাৰ্যকলাপৰ বাবে উক্ত জিলা চাৰিখনক অশান্ত এলেকা হিচাপে ঘোষণা কৰি এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

অধিসূচনাখনত উল্লেখ কৰা হৈছে যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ জৰিয়তে বিভিন্ন সংস্থাৰ পৰা লাভ কৰা প্ৰতিবেদনসমূহে ইংগিত দিছে যে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টাত শেহতীয়া বছৰবোৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।

অৱশ্যে বাংলাদেশৰ শেহতীয়া অশান্তি আৰু আভ্যন্তৰীণ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আইন আৰু ছমাহলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে।

উল্লেখ্য যে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনে এই আইন বলৱৎ হোৱা অঞ্চলত ভাৰতীয় সশস্ত্ৰ বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰে। এনে অঞ্চলত সেনাই যিকোনো ঠাইতে অভিযান চলাব পাৰে আৰু কোনো ব্যক্তিক পৰোৱানা অবিহনে গ্ৰেপ্তাৰ কৰিব পাৰে।