মহাৰাষ্ট্ৰত ক’ৰ’ণাই এতিয়া মহা সংহাৰৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত বলীউডতো ক’ৰ’ণাই ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
কালি বলীউডৰ জনপ্ৰিয় অভিনিেতা অক্ষয় কুমাৰক ক’ৰ’ণাত আক্ৰান্ত হৈছিল। ‘ৰামসেঁতু’ ছবি খনৰ শ্বুটিঙৰ সময়তে অভিনেতাগৰাকী ক’ৰ’ণাত আক্ৰান্ত হৈছিল।
ইয়াৰ পিছেতে ছবি খনৰ ৭৫ গৰাকী কলা-কুশলীৰ ক’ৰ’ণাৰ পৰীক্ষা কৰোৱা হৈছিল।
সেই মৰ্মে আজি পৰীক্ষা কৰোৱা ৭৫ গৰাকী সলা-কুশলীৰ মাজৰে ৪৫ গৰাকীৰ দেহত ধৰা পৰে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ। ইপিনে আজি কাহিলী পুৱাতে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতা অক্ষয় কুমাৰক। উল্লেখ্য
দেওবাৰে পুৱাই নিজৰ কৰ’না পজিটিভ হোৱাৰ খৱৰ সদৰী কৰিছিল অভিনেতাগৰাকীয়ে।
দেওবাৰে এটা টুইট যোগে অক্ষয়ে কয় যে তেওঁ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে আৰু বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইনতে আছে।
অভিনেতাগৰাকীয়ে প্ৰয়োজনীয়া স্বাস্থ্য পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে বিগত কেইদিনত তেওঁ সান্নিধ্যলৈ অহা সকলোকে কৰ’না টেষ্ট কৰাৰ বাবে আহ্বান জনাইছিল।
অভিনেতাগৰাকীয়ে লগতে সোনকালেই কামলৈ উভতিব বুলিও আশা ব্যক্ত কৰিছে।
শেহতীয়া ‘ৰাম সেতু’ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল অক্ষয়। যোৱা ৩০ মাৰ্চৰ পৰা মুম্বাইত ছবিখনৰ শ্বুটিং চলিছিল।
‘ৰাম সেতু’ত অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছে নায়িকা জেকুলিন ফাৰ্মাণ্ডেজ আৰু নুছৰত ভাৰুচাই।
কোভিড বিধি অনুসৰণ কৰিয়েই শ্বুটিং চলিছিল যদিও কৰ’নাৰ পৰা হাত সাৰিব নোৱাৰিলে বলীউদৰ ‘খিলাড়ী’য়ে।
ইতিমধ্যে কেইবাগৰাকীও বলীউদ তাৰকা কৰ’নাত আক্ৰান্ত হৈছে। দুদিন পূৰ্বে আক্ৰান্ত হৈছিল আলিয়া ভাট। তদুপৰি, আমিৰ খান, কাৰ্তিক আৰিয়ান, মিলিন্দ সুমনো কৰ’নাত আক্ৰান্ত হৈছে।