‘ফেনি’ৰ আতংক গ’ল যদিও এতিয়াও উভতি নহা ৰাজ্যৰ তীৰ্থযাত্ৰীক লৈ চিন্তিত পৰিয়াল

Cyclone_Fani_Odisha_AP-1140x570

উৰিষ্যাত 'ফেনি'ৰ তাণ্ডৱ। ফটো : নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

উৰিষ্যাত বিধ্বংসী ‘ফেনি’ৰ সন্ত্ৰাস চলি থকাৰ মাজতে ৰাজ্যখনত ভ্ৰমণৰ বাবে গৈ আৱদ্ধ হৈ অসমৰ তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহম কৰিছে। কিন্তু জানিব পৰা মতে ৰাজ্যখনৰ লখিমপুৰ জিলাৰ হাৰমতীৰ পৰা যোৱা মহিলাকে ধৰি কমেও ২৪ জনীয়া এটা তীৰ্থযাত্ৰীৰ দলৰ কোনো খৱৰ পোৱা হোৱা নাই।

ঘূৰ্ণী বতাহৰ প্ৰভাৱত বিধ্বস্ত হৈ পৰা উৰিষ্যাৰ কোন ঠাইত তেওঁলোক অৱস্থান কৰি আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

বাতৰি অনুসৰি, হাৰমতীৰ পৰা পুৰীলৈ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে যোৱা ২৪ জনীয়া তীৰ্থযাত্ৰীৰ দলটো ‘ফেনি’ৰ প্ৰভাৱত বিধ্বস্ত হৈ পৰা চহৰখনৰ পৰা কেনি গ’ল সেয়া ধৰিব পৰা নাই। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ফোনত তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে, তীৰ্থযাত্ৰীসকল সুকলমে থকা বুলিয়েই অনুমান কৰা হৈছে।

আনহাতে, উৰিষ্যাত মঙলদৈৰ এগৰাকী শিক্ষাৰ্থী আবদ্ধ হৈ থকাৰ খৱৰ পোৱা গৈছে। মঙলদৈৰ চপাইৰ প্ৰিয়াংশু চহৰীয়া নামৰ ছাত্ৰজনে ভুৱনেশ্বৰ আইআইটিত পৰীক্ষা দিব গৈছিল। কিন্তু পৰিয়ালৰ লোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব কৰিব পৰা নাই। ফোনেৰে যোগাযোগ কৰিবলৈ সক্ষম নোহোৱা ছাত্জন বৰ্তমানো হোটেলত আৱদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে।