হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পোৱাৰ দিশে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়াল।
ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে।
ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ অধীনত দোষী সাব্যস্ত কৰে ৰিন্টুক।
কাইলৈ আদালতে ঘোষণা কৰিব হত্যাকাৰী ৰিন্টু শৰ্মাৰ শাস্তি।
উল্লেখ্য যে, ২০২১ চনৰ ২১ আগষ্টত নৃশংসভাবে হত্যা কৰা হৈছিল নন্দিতা শইকীয়াক।