টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Adani

গৌতম শান্তিলাল আদানী। সৌ-সিদিনালৈকে বিশ্বৰ দ্বিতীয় ধনকুবেৰগৰাকীৰ ধনৰ ভঁৰালত হঠাতে লাগিছে খলকনি। এই খলকনি তুলিছে আমেৰিকাৰ হিণ্ডেনবাৰ্গৰ ধুমুহাই। হিণ্ডেনবাৰ্গৰ শেহতীয়া এক প্ৰতিবেদনৰ পিছতে আদানী গোটৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ হোৰহোৰাই খহি পৰিছে তললৈ।

কোম্পানীৰ শ্বেয়াৰ খহি পৰাৰ দৰেই পতন ঘটিছে ধনকুবেৰ গৌতম শান্তিলাল আদানীৰ মুঠ সম্পত্তিৰ ভঁৰালতো। যাৰ পৰিণামস্বৰূপে বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী লোকৰ তালিকাৰ পৰা বাহিৰ হৈছে গৌতম আদানী।

ব্লুমবাৰ্গ বিলিয়নাৰ্চ ইনডেক্সৰ শেহতীয়া ধৰ্নাঢ্য ব্যক্তিৰ তালিকাত আদানী আছে ১১ নং স্থানত। ইনডেক্সৰ সূচাংক অনুসৰি গৌতম আদানীৰ সম্পত্তি ১২১ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৮৪.৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চে যোৱা সপ্তাহৰ বুধবাৰে আদানী গ্ৰুপৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰে। হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদনে আদানী গোটৰ বিৰুদ্ধে শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ উত্থাপন কৰে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আদানী গোটৰ ঋণৰ বোজা বৃহৎ বুলি দাবী কৰাৰ লগতে আদানী গোটৰ শ্বেয়াৰৰ মূল্যও অত্যধিক বুলি আঙুলিয়াই দিয়ে আৰু ইয়াৰ ফলত যিকোনো সময়তে আদানী গোটৰ শ্বেয়াৰ খহি পৰিব পাৰে বুলি দাবী কৰে।

ইয়াৰ পিছতে তাচ পাতৰ দৰে খহি পৰে আদানী। যোৱা দুটা বৰ্ষৰ ভিতৰত চমকপ্ৰদ উত্থান ঘটা আদানীক উত্থানতকৈও বেছি দ্ৰুত হাৰত পতন ঘটায় এই প্ৰতিবেদনে। আদানীৰ শ্বেয়াৰৰ মূল্য যদি এই হাৰত হ্ৰাস পায় থাকে, তেতিয়া তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ স্থানো হেৰুৱাৰ সম্ভাৱনা আছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত আদানী গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাবলৈ ধৰিলে। বৰ্তমান গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ ৮৪.৪ বিলিয়ন ডলাৰ।