লোকসভাৰ পাছত বিৰোধীৰ প্ৰবল প্ৰতিবাদ সত্বেও ৰাজ্যসভাতো গৃহিত কৰা হ’ল এন.চি.টি. বিল

ৰাজ্যসভাত বুধবাৰে বিতৰ্কিত এন.চি.টি. বিধেয়ক গৃহিত কৰা হয়।

বিধেয়কখনৰ সম্পূৰ্ণ নাম- দ্যা গভাৰ্ণমেণ্ট অৱ নেচনেল কেপিটেল টেৰিটৰী অৱ দিল্লী (এমেণ্ডমেণ্ট) বিল ২০২১।

বিধেয়কখন গৃহিত কৰাৰ সময়ত ৰাজ্যসভাত হুলস্থূলীয়া পৰিস্থিতৰ সৃষ্টি হয়।

বিৰোধী দলসমূহে প্ৰতিবাদস্বৰূপে সদন পৰিত্যাগ কৰে।

উল্লেখযোগ্য যে এই এনচিটি বিলখন ২২ মাৰ্চত লোকসভাত গৃহিত হৈ গৈছে।

এই বিধেয়কখনৰ দ্বাৰা দিল্লীৰ নিৰ্বাচিত চৰকাৰতকৈ দিল্লীৰ লিউটেনাণ্ট-গভৰ্ণৰ, চমুকৈ এল-জিক অধিক ক্ষমতা প্ৰদান কৰা হ’ব?

বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত দিল্লী চৰকাৰে যিকোনো প্ৰশাসনিক ব্যৱস্থা লোৱাৰ পূৰ্বে এল-জিৰ মতামত লোৱাটো বাধ্যতামূলক হ’ব।

ইয়াৰ বিৰোধিতা কৰি দিল্লীৰ কেজৰিৱাল চৰকাৰে কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণে নিৰ্বাচিত কৰা চৰকাৰখনক হেয় প্ৰতিপন্ন কৰা হৈছে।

ৰাজ্যসভাত ৮৩জন সদস্যই বিধেয়কখনৰ সপক্ষত ভোট দিয়াৰ বিপৰীতে ৪৫ জনে বিৰোধিতা কৰে।

বিধেয়কখন গৃহিত কৰাৰ সময়ত বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ ফলস্বৰূপে সদন কেইবাবাৰো স্থগিত ৰাখিব লগা হয়।

বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খৰ্গেই বিধেয়কখনক ‘অসাংবিধানিক’ আখ্যা দিছে।

আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে দিল্লী নিৰ্বাচনত দুবাৰকৈ পৰাস্ত হোৱাৰ বাবেই বিধেয়কখন উত্থাপন কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ দলপতি অৰবিন্দ কেজৰিৱালে বুধবাৰৰ দিনটো ভাৰতীয় গণতন্ত্ৰৰ বাবে দুখৰ দিন হিচাপে অভিহিত কৰিছে।

”ৰাজ্য সভাই জিএনচিটিডি এমেণ্ডমেণ্ট বিলখন গৃহিত কৰে। ভাৰতীয় গণতন্ত্ৰৰ বাবে দুখৰ দিন। আমি জনতাৰ হাতলৈ ক্ষমতা ঘূৰাই অনাৰ সংগ্ৰামখন অব্যাহত ৰাখিম।”- কেজৰিৱালে এটা টুইটৰ জৰিয়তে এইদৰে কয়।

তদুপৰি বিধেয়কখনৰ গৃহিত হোৱাৰ পূৰ্বে আম আদমী পাৰ্টিৰ সাংসদ এন ডি গুপ্তাই জনাইছিল যে বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

উল্লেখযোগ্য যে বৰ্তমানলৈকে দিল্লীৰ আইন-শৃংখলা আৰু আৰক্ষী বিভাগৰ দায়িত্বত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, আনহাতে প্ৰশাসনিক বিভাগসমূহ আছে দিল্লী চৰকাৰৰ হাতত।

বিধেয়কখনৰ দ্বাৰা দিল্লীৰ সকলো দায়িত্ব অৰ্পন কৰা হ’ব এল-জিৰ হাতত, যাৰ ফলত দিল্লীৰ মুখ্যমন্ত্ৰীতকৈও এল-জি অধিক ক্ষমতাশালী হ’ব।

বিধেয়কখন আইনত পৰিণত হ’লে দিল্লী চৰকাৰৰ সকলো প্ৰশাসনিক সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ১৪ দিনৰ পূৰ্বে এল-জিক জনাব লাগিব।

তদুপৰি এল-জিয়ে নিজাকৈও পৰিস্থিতি অনুসৰি যিকোনো সিদ্ধান্ত তৎকালিনভাৱে ল’ব পাৰিব।

বিধেয়কখনত উল্লেখ কৰা আছে এল-জিয়ে লোৱা যিকোনো সিদ্ধান্তৰ ওপৰত দিল্লী চৰকাৰে প্ৰশ্ন তুলিব নোৱাৰিব।