পুনৰ কংগ্ৰেছলৈ উভতিল হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ

20190102_145410

হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ। ফটো : নৰ্থইষ্ট নাও

লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত পুনৰ কংগ্ৰেছ দলত যোগদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ তথা হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে। শুকুৰবাৰে কাৰ্বি আংলংৰ জিলা সদৰ ডিফুত কংগ্ৰেছ  সাংসদ আৰু ডিফু সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংতিৰ উপস্থিতিত তেওঁ কংগ্ৰেছত দ্বিতীয় বাৰৰ কাৰণে যোগদান কৰে।

ইয়াৰ পূৰ্বে ২০০৬ চনত তেতিয়াৰ কংগ্ৰেছ পাৰিষদৰ চিইএম প্ৰয়াত পূৰ্ণেন্দু লাংথাচাৰ কাৰ্যকালত আঞ্চলিক দল এএছডিচি ত্যাগ কৰি তেওঁ কংগ্ৰেছ যোগদান কৰিছিল। পৰবৰ্তী সময়ত কংগ্ৰেছৰ মনোনয়নত ২০০৭ চনত হাৰাঙ্গাজাও পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছিল।

আনহাতে, ২০০৮ চনত হাফলংবাৰ ডিমা হাচাও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও মনোনীত হৈছিল। ইয়াৰ উপৰি ২০১০ চনত ছ’মাহৰ কাৰণে তেওঁ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম ও হৈছিল।

উল্লেখযোগ্য যে চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী সমৰজিত হাফলংবাৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৯৬ চনত এএছডিচি দলৰ মনোনয়নত বিধানসভা নিৰ্বাচনত হাফলং আসনত বৰ্ষীয়ান কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাচাক পৰাজিত কৰি নিৰ্বাচিত হৈছিল।

ইয়াৰ পৰবৰ্তী সময়ত দলৰ মজিয়াত সৃষ্টি হোৱা বিশৃঙ্খল পৰিস্থিতিৰ কাৰণে হাফলংবাৰে এএছডিচি (ইউ) নাম দি নতুন এটা দল গঠন কৰে। কিন্তু এইক্ষেত্ৰত তেওঁ সফল নহ’ল। তাৰ পাছতে তেও যোগ দিয়ে কংগ্ৰেছত।

আনহাতে, ২০১৫ চনত তেওঁ কংগ্ৰেছ এৰি গেৰুৱা দল বিজেপিত যোগ দিয়ে। অৱশ্যে বিজেপি দলত বেছি দিন স্থান নহ’ল তেওঁৰ। দলৰ বিৰুদ্ধে মাত মতা কাৰণে ২০১৭ চনত দলৰ পৰা তেওঁক বহিস্কাৰ কৰা হয়। ইয়াৰ পাছত তেওঁ যোগ দিয়ে মেঘালয়ৰ এনপিপি দলত। কিন্তু সদ্যহতে সমাপ্ত হোৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনত এনপিপি দলে এখন আসনতো প্ৰতিদ্বন্দ্বিতাত নাহিল। সেয়ে, এতিয়া এনপিপি এৰি পুনৰ কংগ্ৰেছত যোগ দিলে সমৰজিত হাফলংবাৰে।

ইপিনে,সমৰজিত হাফলংবাৰৰ লগত যোগাযোগ কৰাত তেওঁ নৰ্থ ইষ্ট নাওক জনায় যে গণতন্ত্ৰ বিৰোধী চৰকাৰক ক্ষমতাৰ গাদীৰ পৰা আঁতৰাই পেলোৱাৰ উদ্দেশ্যেৰে মই সাংসদ বীৰেন সিং ইংতিৰ আহ্বানত সঁহাৰি জনাই কংগ্ৰেছ দলত যোগদান কৰিছো। হাফলংবাৰে লগতে উল্লেখ কৰে যে এনপিপি আমাৰ কাৰনে ভাল। আনহাতে বিজেপি দলে মোক দলৰ পৰা বহিস্কাৰ কৰিছিল কিয়নো আমি নাগালিম সন্দৰ্ভত ৰাইজৰ পক্ষ লৈ মাত মাতিছিলো।

তেওঁ লগতে প্ৰশ্ন কৰে যে বিজেপি দলত একাধিক যোগ্য প্ৰাৰ্থী থকাৰ পাছতো প্ৰাক্তন উগ্ৰপন্থী নেতা হৰেন সিং বে’ক কিয়  টিকিট দিয়া হ’ল ? হাফলংবাৰে বিজেপি দলক সাম্প্ৰদায়িক দল বুলি আখ্যা দি কয় যে এই দলে অসমীয়া-বঙালী, হিন্দু-মুছলমানৰ মাজত সংঘাত লগাই ৰাজনীতি খেলিব বিচাৰিছে।

হাফলংবাৰে ডিমা হাচাও জিলাৰ সচেতন ৰাইজক এতিয়াৰে পৰা বিজেপি দলৰ কামকাজক লৈ সজাগ হোৱাৰ আহ্বান জনায়। তেওঁ এই দল ষষ্ঠ অনুসূচীৰ কাৰনেও ভয়ানক হ’ব বুলি ব্যক্ত কৰে।