• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ পিছত এইবাৰ আধাৰ: একেদিনাই নাপাব কাৰ্ড, কি কৰিব লাগিব আপুনি?

ভৱেশ মেধি by ভৱেশ মেধি
October 4, 2018 4:39 pm
aadhaar-card

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ মূল পৰ্বৰ সমাপ্তিৰ পিছত এইবাৰ অসমত ৬ অক্তোবৰৰ পৰা চৰকাৰীভাৱে আৰম্ভ হ’ব আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও আধাৰ সম্পৰ্কীয় আপত্তিসমূহ শুনাৰ পিছত আধাৰ কাৰ্ড প্ৰস্তুতিত সেউজ সংকেত প্ৰদান কৰিছিল।

আধাৰৰ বাবে ৰাজ্যবাসী কিদৰে আগবাঢ়িব লাগিব সেই সম্পৰ্কে আমি কথা পাতিছিলো কামৰূপ মহানগৰ জিলাৰ আধাৰ কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুণজিৎ কাশ্যপৰ সৈতে।

কাশ্যপে জনাই যে আবেদনকাৰীসকলে একেদিনাই আধাৰ কাৰ্ড নাপাব আৰু কাৰ্ড পোৱাৰ বাবে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব।

“প্ৰথমতে আবেদনকাৰীক আধাৰ কাৰ্ড প্ৰস্তুতৰ নিৰ্দ্ধাৰিত সময়ৰ পত্ৰ দিয়া হ’ব। সেইমতে আবেদনকাৰীয়ে দ্বিতীয়বাৰ কেন্দ্ৰবোৰৰ নিৰ্দ্ধাৰিত কৰি দিয়া দিনত আহি আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে সকলো নথি-পত্ৰ জমা দিয়া আৰু বায়’মেট্ৰিক্স তথ্য দিব লাগিব। তাৰ পিছতহে আবেদনকাৰীয়ে আধাৰ কাৰ্ড পাব,” জনালে কাশ্যপে।

একোজন ব্যক্তিৰ চকু আৰু ফিংগাৰ প্ৰিণ্টৰ একক পৰিচয় (unique identity)এ লোকজনৰ বায়’মেত্ৰিক্স তথ্য।

৬ অক্তোবৰৰ পৰা দৈনিক পুৱা ৯.৩০ বজাৰপৰা বিয়লি ৫ বজালৈকে আধাৰ কেন্দ্ৰবোৰ ৰাইজৰ বাবে মুকলি থাকিব।

ৰাজ্যত ইতিমধ্যে সাজু কৰি তোলা আধাৰ প্ৰস্তুতিৰ চৰকাৰী কেন্দ্ৰবোৰত বিশেষভাৱে সক্ষম লোক, বয়োজ্যেষ্ঠ, শিশু আৰু গৰ্ভৱতী মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও সদৰী কৰিছে বিষয়াজনে।

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্যৰ ৩৩খন জিলাত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে ১,৪২১টা আধাৰ কেন্দ্ৰ চিনাক্ত কৰিছে। নিৰ্দ্ধাৰিত জিলাত স্থাপন কৰা আধাৰ কেন্দ্ৰবোৰ জিলা প্ৰশাসনে পৰিচালনা কৰিব।

“ইতিমধ্যে কামৰূপ মহানগৰ জিলাত ৪২টা আধাৰ কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰে ২০টা আধাৰ কেন্দ্ৰ গুৱাহাটী মহানগৰীত আৰু ২২টা কামৰূপ মহানগৰ জিলাৰ গাওঁ পঞ্চায়ত এলেকাত স্থাপন কৰা হৈছে,” কামৰূপ জিলাৰ আধাৰ কেন্দ্ৰ সন্দৰ্ভত এই কথা জনাইছে বিষয়াজনে।

কাশ্যপে লগতে কয় যে সাধাৰণ প্ৰশাসন বিভাগে কেন্দ্ৰবোৰত দৈনিক ৪০ গৰাকী লোকৰ আধাৰ কাৰ্ডৰ অন্তৰ্ভুক্তিকৰণৰ কাম কৰাৰ নিৰ্দেশ দিছে যদিও বাস্তৱত সেয়া সম্ভৱ নহ’ব আৰু এই কামত অধিক সময়ৰ প্ৰয়োজন হ’ব।

ইতিমধ্যে ৰাজ্যত থকা বেংকবোৰত আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম চলি আছে যদিও সকলো বেংক শাখাতে এই কাম নচলাৰ বাবে বেংকবোৰে সকলো নাগৰিককে সামৰি ল’ব পৰা নাই।

অসম সাধাৰণ প্ৰশাসন বিভাগৰ তথ্য মতে ৰাজ্যৰ ৩ কোটি ৪০ লাখ ৬৮ হেজাৰ জনসংখ্যাৰ ভিতৰত ২৪.৩৪ লাখ লোকৰহে এতিয়ালৈকে আধাৰ কাৰ্ড হৈছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd