পাঁচশ কোটি টকাৰ কেলেংকাৰী! ৰণবীৰ কাপুৰৰ পিছত এইবাৰ ইডিৰ জালত এই ২০ গৰাকী চেলিব্ৰেটি 

যোৱা শুকুৰবাৰে অৰ্থাৎ ৬ অক্টোবৰত ৰণবীৰ কাপুৰক কাৰ্যালয়ত উপস্থিত হ’বৰ বাবে চমন জাৰি কৰিছিল ইডিয়ে।

ইডিৰ চমনত ৰণবীৰ কাপুৰ হাজিৰ হোৱাৰ কথা আছিল যদিও হাজিৰ হোৱাৰ আগতে অভিনেতাজনে ইডিৰ পৰা ২ সপ্তাহৰ সময় বিচাৰিছিল। 

মহাদেৱ বেটিং এপ নামৰ এটা জুৱাৰ অনলাইন এপ্লিকেশ্যনৰ লগত জড়িত থকাৰ অভিযোগত চমন জাৰি কৰা হৈছিল অভিনেতাগৰাকীক। 

কিন্তু কেৱল ৰণবীৰ কাপুৰেই নহয়, এই গোচৰত নাম সাঙুৰ খোৱা আন আন তাৰকাসকলৰ ভিতৰত আছে টাইগাৰ শ্ৰফ, গোবিন্দ, এলি অব্ৰম, ছানি লিয়ন, ভাগ্যশ্ৰী, পুলকিত সম্ৰাট, কৃতি খাৰবান্দা, নুছৰত ভৰুচাৰ, কৃষ্ণ অভিষেক আৰু কমেডিয়ান ভাৰতী সিং। 

জানিব পৰা মতে, মহাদেৱ বেটিং এপৰ স্বত্তাধিকাৰ হৈছে ডুবাইৰ বাসিন্দা সৌৰভ চন্দ্ৰশেখৰ আৰু ৰবি উপল।

অভিযোগ অনুসৰি, এই গেমিং এপৰ ​​জৰিয়তে তাৰকাসকলে কোটি কোটি টকা উপাৰ্জন কৰিছে। প্ৰথমে এই এপটোৰ বিভিন্ন খেলত অংশগ্ৰহণ কৰিবলৈ গ্ৰাহকসকলে টকা খৰচ কৰিব লাগে। খেলুৱৈসকলে বিভিন্ন খেলত জয়ী হ’লে প্ৰৱেশৰ ধনৰ লগতে অতিৰিক্ত ধন লাভ কৰে।

আচলতে এই এপটোৰ জৰিয়তে ধন পোৱা সম্ভৱ নহয়, ইয়াৰ বিপৰীতে বাজিত দিয়া সকলো টকা এপটোৰ মালিকৰ হাতলৈ যায়।

এই এপটোৰ নিৰ্মাতাসকলৰ লগতে এপটোৰ বিজ্ঞাপনৰ মডেল হ’বলৈ সন্মত হোৱা বলীউডৰ তাৰকাসকলো দায়বদ্ধ। কেৱল সেয়াই নহয়, শেহতীয়াকৈ ইডিৰ দৃষ্টিত থকা থকা বহু তাৰকা এই এপটোৰ মালিক সৌৰভ চন্দ্ৰশেখৰৰ বিয়াত উপস্থিত আছিল। 

এই এপটোৰ জৰিয়তে লেনদেন কৰা সকলো ধন ক’লা ধন বুলি ইডি কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই ক’লা ধনৰ লেনদেনৰ বাবে এপটোৰ দুজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও ইডিয়ে আন ২০ গৰাকী বলীউডৰ চেলিব্ৰিটিক এজন এজনকৈ কাৰ্যালয়লৈ মাতি অনা হ’ব বুলি জানিব পৰা গৈছে।