ৰাইনা, মালিংগাৰ পিছত এইবাৰ আই পি এলৰ পৰা আঁতৰিল হৰভজন সিং

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত চেন্নাই ছুপাৰ কিংছ দলৰ বাবে আহিছে আন এটা বেয়া খবৰ। সুৰেশ ৰাইনাৰ পিছত এইবাৰ হৰভজন সিঙে আই পি এল নেখেলাৰ সিদ্ধান্ত লৈছে।

সম্পূৰ্ণ ব্যক্তিগত কাৰণৰ বাবে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত অংশ নোলোৱাৰ সিদ্ধান্ত লোৱা বুলি অভিজ্ঞ অফ স্পিনাৰ হৰভজন সিঙে জনায়।

উল্লেখ্য যে হৰভজনে চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে য়ু এ ইলৈ যোৱা নাছিল। তদুপৰি য়ু এ ইলৈ যোৱাৰ পূৰ্বে চেন্নাইত আয়োজিত অনুশীলন শিৱিৰতো অংশ লোৱা নাছিল হৰভজনে।

কিছু ব্যক্তিগত অসুবিধাৰ বাবে পলমকৈ য়ু এ ই যোৱাৰ কথা আছিল যদিও এতিয়া আই পি এলত অংশ নোলোৱাৰ সিদ্ধান্ত লয়।

স্মৰ্তব্য যে সুৰেশ ৰাইনা আৰু হৰভজন সিঙৰ দৰে ক্ৰিকেটাৰৰ অনুপস্থিতি চেন্নাই ছুপাৰ কিংছ দলক বাৰুকৈয়ে অনুভৱ কৰিব।

উল্লেখ্য যে, আই পি এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ তৃতীয় স্থানত থকা হৰভজন সিঙে যোৱা বছৰ ১৬ টা উইকেট দখল কৰাৰ লগতে পাৰ্প’ল কেপৰ দৌৰতো আছিল।