পর্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট বন্ধৰ নিৰ্দেশ চৰকাৰৰ : বিক্ষুব্ধ দেশৰ নাগৰিকৰ তীব্ৰ বিৰোধিতা

index.jpga

পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট বন্ধৰ নিৰ্দেশ দিয়াৰ পিছত থাইলেণ্ডৰ সামাজিক মাধ্যমত দেশৰ নাগৰিকসকলে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে দেশখনৰ চৰকাৰে যোৱা ২ নৱেম্বৰত পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট নিষিদ্ধ কৰিছিল।

এই নিষিদ্ধকৰণৰ বিৰুদ্ধে থাইলেণ্ডৰ নাগৰিকসকলে চ’ছিয়েল মিডিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।

ইতিমেধ্য দেশখনত পৰ্ণহাবসহ ৱেবটাইটসমূহ পুনৰ প্ৰচলনৰ বাবে সামাজিক মাধ্যমত এক অভিযান আৰম্ভ কৰিছে দেশৰ নাগৰিক সমাজে।

সামাজিক মাধ্যমত #SavePornhub বুলি আৰম্ভ কৰা এই অভিযানে দেশৰ সামাজিক মাধ্যমৰ চাইটসমূহৰ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছে।

চলিত বৰ্ষত থাইলেণ্ড ৰাজৈনিতকভাৱেও উত্তপ্ত হৈ আছে। দেশখনৰ ৰাজতন্ত্ৰ বিৰোধ আৰু প্ৰধানমন্ত্ৰী চান ওচাৰৰ পদত্যাগৰ দাবীত দেশখনৰ জনতাই যোৱা জুলাইৰ মাহৰ পৰাই বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

ইফালে থাইলেণ্ডৰ আইন অনুযায়ী দেশখনৰ ৰাজতন্ত্ৰক সমালোচনা কৰাৰ অধিকাৰ নাগৰিকৰ নাই, ইয়াক শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হয়।

সেয়ে বিৰোধী দলৰ লগতে থাই জনতাই দেশখনৰ সংবিধান সংশোধনৰো দাবী উত্থাপন কৰি আহিছে।

আনহাতে বিগত তিনিমাহ ধৰি ৰাজতন্ত্ৰৰ বিৰোধী বিক্ষোভত দিকবিদিক হেৰুৱাই পেলোৱা দেশখনৰ চৰকাৰে যোৱা ১৫ অক্টোবৰত হঠাতে দেশব্যাপী জৰুৰী অৱস্থা ঘোষণা কৰিছে। ইয়াৰ পিছৰে পৰা দেশখনৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

ৰাজনৈতিকভাৱে এক জটিল পৰিস্থিতি সন্মুখীন হৈ থকাৰ সময়তে দেশখনৰ চৰকাৰে দেশত পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইত নিষিদ্ধ কৰি যেন জ্বলা জুইত ঘিউহে ঢালিলে।

দেশখনৰ কেবাটাও সংস্থাই চৰকাৰৰ এই নিষিদ্ধকৰণৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। সামাজিক মাধ্যমৰ যোগেদি #SavePornhub বুলি অভিযান আৰম্ভ কৰা সংস্থাসমূহে দেশৰ নাগৰিকৰ বাক স্বাধীনতাক দেশৰ চৰকাৰে হস্তক্ষেপ কৰিছে বুলিও দাবী কৰিছে।

উল্লেখ্য যে ২০১৯ বৰ্ষত বিশ্বৰ সৰ্বাধিক পৰ্ণহাব ব্যৱহাৰকাৰী তথা দশনকাৰী বিশ্বৰ ২০ খন দেশৰ ভিতৰত থাইলেণ্ডো আছিল। সেয়ে দেশৰ চৰকাৰে দেশখনত পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট নিষিদ্ধ কৰা বুলি প্ৰকাশ কৰিছে।