NORTHEAST NOW (Assamese)

এইবাৰ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ফটোৰ সৈতে ‘চেলফি পইণ্ট’ৰ নিৰ্দেশনা; কি হ’ব প্ৰধানমন্ত্ৰীৰ ‘চেলফি পইণ্ট’ৰ?

December 11, 2023 10:13 am · এন ই নাও নিউজ, গুৱাহাটী
ওড়িষাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়ক। ফাইল ফটোঃ সংগ্ৰহীত।

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ মহাবিদ্যালয়সমূহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বেকগ্ৰাউণ্ডত চিত্ৰিত কৰি “চেলফি পইণ্ট” স্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ কিছুদিন পিছতে ওড়িশা চৰকাৰে সকলো ৰাজ্যিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ ফটো বেকগ্ৰাউণ্ডত ৰাখই এনে “চেলফি পইণ্ট” স্থাপন কৰিবলৈ কৈছে।

শুকুৰবাৰে সকলো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ এক নিৰ্দেশত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে “চেলফি পইণ্ট” স্থাপনৰ আহ্বান জনায়। লগতে সমগ্ৰ কেম্পাছসমূহৰ চকুত লগা স্থানত স্থাপন কৰিবলৈ দিয়া “চেলফি পইণ্ট”ৰ বেকগ্ৰাউণ্ডত পাটনায়কৰ ফটো আৰু শাসকীয় বিজু জনতা দলৰ (বিজেডি) দলৰ প্ৰতীক শংখ ৰাখিবলৈ কোৱা হৈছে।

যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু কাৰিকৰী শিক্ষাৰ সন্দৰ্ভত ৰাজ্যৰ ‘নুতানা উন্নতা অভিলাষা ওড়িশা’ আঁচনিৰ অধীনত এই নতুন চেলফি পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি শিক্ষা বিভাগে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, এই আদেশ অনুসৰণ কৰি ইতিমধ্যে কেইবাখনো কলেজত চেলফি পইণ্ট স্থাপনো কৰা হৈছে।

লগতে পঢ়কঃ ইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী নাৰ্গিছ মহম্মদীৰ হৈ বঁটা গ্ৰহণ কৰিলে দুই যমজ সন্তানে

উল্লেখ্য যে যোৱা ১ ডিচেম্বৰত ইউজিচিয়ে সকলো বিশ্ববিদ্যালয়কে মোডীৰ ফটো পটভূমিত ৰাখি কেম্পাছৰ কৌশলগত স্থানত “চেলফি পইণ্ট” স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও ইয়াত শিক্ষাৰ আন্তৰ্জাতিককৰণ, বৈচিত্ৰ্যত ঐক্য, স্মাৰ্ট ইণ্ডিয়া হেকাথন, ভাৰতীয় জ্ঞান ব্যৱস্থা, বহুভাষিকতা, আৰু উচ্চ শিক্ষাৰ উত্থান, গৱেষণা তথা উদ্ভাৱন আদি বিভিন্ন বিষয়বস্তু সন্নিৱিষ্ট কৰাৰ পৰামৰ্শ দিয়া হৈছিল।

এই নিৰ্দেশনাৰ পিছত বিৰোধীয়ে চোকা সমালোচনা কৰিছিল। কংগ্ৰেছে অভিযোগ কৰিছিল যে অহা বছৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মোডীয়ে নিজৰ হেৰুওৱা ভাৱমূৰ্তি ৰক্ষা কৰিবলৈ কোনো উপায় এৰা নাই।

প্ৰত্যুত্তৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছিল যে মহাবিদ্যালয়সমূহক এনে পইণ্ট স্থাপন কৰিবলৈ কোৱা হৈছে কাৰণ মোদীয়ে বিশ্বজুৰি দেশখনক গৌৰৱান্বিত কৰিছে। তেওঁ লগতে কয় যে শিক্ষাৰ্থীয়ে ফটো লোৱাটো বাধ্যতামূলক নহয়।

ওড়িশাৰ বিৰোধী দলসমূহেও বিজেডি চৰকাৰে পাটনায়কৰ ফটোৰ পটভূমিত এনে চেলফি পইণ্ট স্থাপন কৰাৰ পদক্ষেপক সমালোচনা কৰি অহা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক এক “চমক” বুলি অভিহিত কৰে।

লগতে পঢ়কঃ চাণক্য নীতি! এই ভৰসাত বহি থাকিলে মানুহ হৈ পৰে ধ্বংস; ইকুলো নাপায়, সিকুলো নাপায়

ৰাজ্যিক বিজেপিৰ সম্পাদক ইৰাছিশ আচাৰ্যই কয়, ‘বিজেডিয়ে এটা চমক দিব বিচাৰিছে আৰু আন্তঃগাঁথনি, গৱেষণাৰ সুবিধা উন্নত কৰা তথা ভাল প্ৰবক্তা নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ‘নুতানা উন্নতা অভিলাষা ওড়িশা’ আঁচনিৰ জৰিয়তে পাটনায়কক প্ৰচাৰ কৰাত গুৰুত্ব দিছে।

কংগ্ৰেছৰ মুখপাত্ৰ কৃষ্ণচন্দ্ৰ পাটিয়ে কয় যে “আমাৰ দলে চেলফি পইণ্টৰ বিৰোধিতা কৰিব। কোনো কাৰণতে কেম্পাছত ৰাজনীতিক উৎসাহিত কৰা নহ’ব।”

Related News