ব্ৰিটেইনৰ পাছত নাইজেৰিয়াত ধৰা পৰিল অধিক শক্তিশালী ক’ৰ’না ভাইৰাছৰ নতুন ৰূপ

COVID19-negative-1140x570

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাৰ পাছত এইবাৰ নাইজেৰিয়াত ক’ৰ’না ভাইৰাছৰ নতুন ৰূপ ধৰা পৰিছে।

আফ্ৰিকাৰ চেণ্টাৰ ফৰ ডিজিছ এণ্ড প্ৰিভেনশ্যনে বৃহস্পতিবাৰে নাইজেৰিয়াত নতুন ক’ৰ’না ভাইৰাছৰ ৰূপ ধৰা পৰা বুলি সদৰী কৰে।

‘‘এই ভাইৰাছটো পূৰ্বতকৈ অধিক সোনকালে সংক্ৰমিত হয় আৰু ভাইৰাছৰ শক্তিৰ পৰিমাণো অধিক থাকে….কিন্তু এতিয়ালৈ এই নতুন ৰূপটো কিমান ভয়ংকৰ সেয়া স্পষ্ট হৈ উঠা নাই,’’ আফ্ৰিকাৰ চেণ্টাৰ ফৰ ডিজিছ এণ্ড প্ৰিভেনশ্যনৰ মুখ্য বিষয়াগৰাকীয়ে কয়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে বিগত এবছৰৰ পৰা আতংকৰ সৃষ্টি কৰি লাখ লাখ লোকক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ সময়তে ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াত ইয়াৰ নতুন ৰূপ ধৰা পৰা তথ্যই সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি তুলিছে।

বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈ নাইজেৰিয়াত ধৰা পৰা ক’ৰ’নাৰ নতুন ৰূপ সম্পৰ্কে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নায়।