লকডাউন গ’ল, কিন্তু ঘৰ অভিমুখে সাত মাহ খোজকাঢ়িব লগা হ’ল এজন প্ৰব্ৰজিত শ্ৰমিকৰ!

ঝাৰখণ্ডৰ এজন শ্ৰমিকৰ দুৰ্দশাৰ কাহিনী

সাত মাহৰ অন্তত খোজকাঢ়ি ঝাৰখণ্ডৰ এজন প্ৰব্ৰজিত শ্ৰমিক কৰ্মস্থান দিল্লীৰ পৰা আহি শুকুৰবাৰে ঘৰত উপস্থিত হৈছেহি।

সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে, বেৰজম বামদা পাহাৰীয়া (৫৪) নামৰ প্ৰব্ৰজিত শ্ৰমিকজনে কভিড-১৯ লকডাউনৰ ফলস্বৰূপে ২০২০ চনৰ আগষ্ট মাহতে দিল্লীৰ পৰা ঘৰ অভিমুখে ৰাওনা হৈছিল।

তেওঁৰ হাতত পৰ্যাপ্ত টকা নথকাৰ বাবে খোজকাঢ়ি অহাৰেই সিদ্ধান্ত ল’লে।

তদুপৰি তেওঁক নিয়োজিত কৰা ঠিকাদাৰসকলে দৰমহা পৰ্যন্ত প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল।

যাৰ ফলত তেওঁ এই দুৰ্দশাৰ বলি হ’ব হয়।

ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ অমৰবিথা নামৰ গাঁৱৰ বাসিন্দা শ্ৰমিকজনে প্ৰায় ১,২০০ কিলোমিটাৰ পথ খোজকাঢ়ে।

ৰাস্তাৰ সলনি তেওঁ ৰেল লাইনসমূহেৰে খোজকাঢ়ি অহা বুলি তেওঁ জনায়।

কিন্তু চাওঁতালভাষী লোকজনে হিন্দী নজনাৰ বাবে বাটত আহুকালৰো সম্মুখীন হৈছিল।

হিন্দী নজনাৰ বাবে তেওঁ যাত্ৰাপথত লগ পোৱা মানুহৰ পৰা খাদ্য আৰু পানীও ভিক্ষা কৰিব পৰা নাছিল, যাৰফলত তেওঁ ভোকাতুৰ হৈ কটাব লগা হৈছিল।

১১ মাৰ্চৰ দিনা তেওঁৰ ঘৰৰ পৰা ২৪০ কিলোমিটাৰ দূৰত্বৰ ঝাৰখণ্ডৰ ধানবাদ জিলাৰ এটা এন.জি.অ’. কৰ্মীয়ে তেওঁক জানিব পাৰে আৰু উপযুক্ত ব্যৱস্থা হাতত লয়।

ঘৰত আহি উপস্থিত হৈ তেওঁ সংবাদমাধ্যমৰ আগত কয় যে ২০২০ চনৰ মে’-জুন মাহত চৰকাৰে প্ৰচলন কৰা শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ টিকট ক্ৰয় কৰিবলৈও তেওঁৰ হাতত পইচা নাছিল।

তেওঁ নিয়োজিত থকা কামৰ পৰা মজুৰি নোপোৱাৰ বাবে বিভিন্ন এন.জি.অ’.ই প্ৰদান কৰা খাদ্য খাই খাই দিল্লীৰ ৰাস্তাতে তেওঁ বাস কৰিব লগা হৈছিল।

উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত শ্ৰমিকজনে গাঁৱৰে আন ১০ জন সতীৰ্থৰ স’তে দিল্লীৰ এটা নিৰ্মাণ সংস্থালৈ ট্ৰেইনযোগে কাম কৰিবলৈ গৈছিল।

এজন ঠিকাদাৰ তথা মধ্যভোগীয়ে তেওঁক মাহে ১০,০০০ৰ পৰা ১৫,০০০ টকা মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলিও তেওঁ জনায়।

”লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে মই ২০-২৫ দিন কাম কৰিছিলো, কিন্তু মধ্যভোগীজনে মোক এটকাও মজুৰি নিদিলে।”- তেওঁ কয়।

তদুপৰি তেওঁ ঘৰৰ পৰা লগত নিয়া ৭,০০০ টকাৰ লগতে আধাৰ কাৰ্ডখনো মধ্যভোগীজনে ডকা-হকা দি কাঢ়ি লোৱা বুলিও অভিযোগ কৰে।

”মই কাকো চিনি পোৱা নাছিলো। কিছু লোকক সহায় বিচাৰিছিলো কিন্তু তেওঁলোকে প্ৰত্যাখ্যান কৰিলে। সেয়ে মই আগষ্ট মাহৰ পৰা খোজকাঢ়িবলৈ আৰম্ভ কৰিলো। কিমান দিন এনেদৰে পাৰ কৰিলো মই নাজানো।- তেওঁ কয়।

সুদীৰ্ঘ সাত মাহৰ অন্তত নিজ ৰাজ্যৰ ধানবাদ  জিলাৰ মুচাৰাইডিহ ৰেলৱে’ ক্ৰচিঙত তেওঁক ‘ৰুটি বেংক’ নামৰ এটা এন.জি.অ’.ই তেওঁৰ কথা জানিব পাৰে।

এন.জি.অ’.টোৱে তেওঁক কিছু টকাৰ লগতে খাদ্যৰ যোগান ধৰে।

চাহেবগঞ্জ জিলাৰ উপায়ুক্ত ৰাম নিৱাস যাদৱে মধ্যভোগীজনৰ বিৰুদ্ধে অনুসন্ধান চলাব বুলি শ্ৰমিকজনক আশ্বাসপ্ৰদান কৰিছে।

শ্ৰমিকজন ঘৰত আহি উপস্থিত হোৱাৰ পাছত পৰিয়ালৰ সদস্যসকলে স্বস্তিৰ নিঃশ্বাস পেলাইছে।

উল্লেখযোগ্য যে, ২০২০ চনৰ এপ্ৰিলত সংবাদ মাধ্যমত প্ৰকাশ পোৱামতে, ঝাৰখণ্ডৰ পৰা ভাৰতৰ বিভিন্ন চহৰলৈ প্ৰব্ৰজন কৰা প্ৰায় ৬.৫৪ লাখ প্ৰব্ৰজিত শ্ৰমিকক লকডাউনে নাজল নাথল অৱস্থা কৰিছিল।