Students run to the Govt. Schools ভাল খবৰ: লকডাউনেই আশীৰ্বাদ হ’ল চৰকাৰী বিদ্যালয়ৰ বাবে! পুনৰ সোঁত বৈছে শিক্ষাৰ্থীৰ

চাৰিবছৰ পুৰ্বে কৰা সমীক্ষা অনুসৰিয়েই বিনামূলীয়া কিতাপ বহী, মধ্যাহ্ন ভোজন অথবা বিনামূলীয়া সাজপাৰ যোগান ধৰাৰ অভিযোগ

Govt. Schools

ফটো: নৰ্থইষ্ট নাও।

Students run to the Govt. Schools ক’ভিডসৃষ্ট পৰিবেশ স্বাভাৱিক কৰিবলৈ চৰকাৰে হাতত লোৱা লকডাউন চৰকাৰী বিদ্যালয়ৰ বাবে হৈ পৰিল আৰ্শীবাদ স্বৰূপ। লকডাউনৰ পাছতেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ এতিয়া বহু শিক্ষাৰ্থীৰ সোঁত।

এই অভিমত যোৰহাট জিলাৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ  অধ্যক্ষ ৰাজু শইকীয়াৰ l

লকডাউনৰ ফলত যেন পুনৰ প্ৰাণ পালে চৰকাৰী শিক্ষাখণ্ডত। স্বাভাৱিকতে  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসন একপ্ৰকাৰ ভাবুকি হৈ পৰিছিল চৰকাৰী শিক্ষাখণ্ডৰ বাবে।

আনকি বহু বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ অভাৱত তলা ওলমিলে আৰু বহু বিদ্যালয় গতি কৰিছিল মৃতপ্ৰায় অৱস্থালৈ।

কিন্তু বৰ্তমান তাৰ বিপৰীত ছবি। শিশুৰ কলকলনিত পুনৰ মুখৰিত হৈ পৰিছে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ।

ইপিনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱালে নিজ সন্তানৰ ভৱিষ্যৎ গঢ়িব বুলি ভ্ৰান্ত ধাৰণা লৈ বহু অভিভাৱকে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সন্তানক নামভৰ্তি কৰিছিল।

Also Read: Raw Over Racist Comment ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত পুনৰ অসমীয়াকলৈ বৰ্ণবৈষম্যমূলক মন্তব্য; মুখ্যমন্ত্ৰীৰো প্ৰতিক্ৰিয়া

কিন্তু দীৰ্ঘদিনীয়া লকডাউনৰ প্ৰভাৱত অধিকাংশ শ্ৰমজীৱী অভিভাৱকৰ উপাৰ্জনত যতি পৰিল। মাহেকীয়া মাচুল দিবলৈ অপাৰগ হৈ পৰিল বহু অভিভাৱক। পৰিণতিত বাধ্য হৈয়ে উভতিছে চৰকাৰী বিদ্যালয়লৈ।

তদুপৰি, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ দিনত মেধাৰ ভিত্তিত সৰ্ববৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াই অভূতপূৰ্ব পৰিবৰ্তন আনিলে চৰকাৰী বিদ্যালয়লৈ।

চৰকাৰী বিদ্যালয়ত অধ্যয়নত শিক্ষাৰ্থীয়েহে শিক্ষাখণ্ডৰ বিভিন্ন আঁচনি বিনামূলীয়াকৈ যেনে মধ্যাহ্ন ভোজন,সাজপাৰ,কিতাপ পত্ৰ তথা জলপানি আদি লাভ কৰাৰ যি ব্যৱস্থা কৰিছে তাত অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী আকৰ্ষিত হৈছে।

কিন্তু চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সংখ্যা দৈনিক উৰ্ধ্বগামী হোৱাৰ বিপৰীতে সলনি হোৱা নাই আন্ত:গাঁথনি। একোটা সৰু কোঠাতে ৩০ৰ পৰা ৪০ জন ছাত্র-ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰিব লগা হৈছে।

Also Read: Inspiration for Life ১০৪বছৰ বয়সত পৰীক্ষা দি ১০০ৰ ভিতৰত ৮৯ নম্বৰেৰে চমক দিলে এইগৰাকী আইতাই

বহু বিদ্যালয়ৰ অভিযোগ যে  আজিও চৰকাৰী বিদ্যালয়সমূহত প্ৰায় চাৰিবছৰ পুৰ্বেই কৰা সমীক্ষা অনুসৰিয়েই যোগান ধৰি আহিছে বিনামূলীয়া কিতাপ বহী, মধ্যাহ্ন ভোজন অথবা বিনামূলীয়া সাজপাৰ। যাৰ পৰিণতিত চৰম সমস্যাত পৰিছে শিক্ষকসকল।

সেয়ে ন কৈ সমীক্ষা কৰি বিদ্যালয়সমূহত সা-সুবিধাবোৰ যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী শিক্ষকসকলে।