অগপই আমাৰ সৈতে মিত্ৰতা ভংগ কৰিলে : বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ

Rupam AGP BJP

‘অগপ দলে আমাৰ সৈতে মিত্ৰতা ভংগ কৰিলে।‘ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত বহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ।

উল্লেখ্য যে, অসম গণ পৰিষদক কেন্দ্ৰ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত বহুতো কটূ মন্তব্য কৰিছিল। প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতো আজি এক সংবাদমেলযোগে অগপৰ নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয় দলৰ মুখপাত্ৰ গোস্বামীয়ে।

গোস্বামীৰ মতে ‘’পঞ্চায়ত নিৰ্বাচনত গোপনে এআইয়ুডিএফ আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰিলে, এই কথা অসমৰ ৰাইজে সহজ ভাষাত গ্ৰহণ কৰিব পৰা নাই।‘’

ইয়াৰোপৰি, অগপ দলে ক্ষমতাৰ বাবে সময়ে সময়ে অসমৰ ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলি অগপ নেতৃত্বক কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

আনহাতে, উক্ত সংবাদমেলতে গোস্বামীয়ে অগপ দলটো পূৰ্বতে কেইবাটাও ভাগত বিভক্ত হৈছিল বুলি মন্তব্য কৰে।

সংবাদমেলত তেওঁ কয়, ‘’অগপ এসময়ত ন অগপ হৈছিল, তৃণমূল অগপ আৰু অগপ(প্ৰগতিশীল) হৈছিল। ক্ষমতাৰ স্বাৰ্থতে এনেধৰণে অগপ দলৰ মাজত বিভাজন হৈছিল।‘’

তদুপৰি, তেওঁ অগপ দলৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী অথবা সমৰ্থকসকলক অসমপ্ৰেমী বুলি আখ্যা দিয়ে যদিও বাৰে বাৰে অগপৰ নেতাসকলে তেওঁলোকক ঠগ-প্ৰৱঞ্চনা কৰি আহিছে বুলি মন্তব্য কৰে।

‘’অগপই আগতে অসমৰ জনসাধাৰণক বহুবাৰ বিশ্বাসঘাতকতা কৰিছিল।‘’ সংবাদমেলত এইদৰে মন্তব্য কৰে গোস্বামীৰ।

আনহাতে, উক্ত সংবাদমেলতে কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত আৰু এআইয়ুডিএফ বিপদজনক বুলি আখ্যা দিয়াৰ লগতে অগপ দলকো আগবঢ়ায় এক নতুন আখ্যা।

তেওঁৰ মতে ‘’অগপ বিশ্বাসঘাতক। দুই শত্ৰু দলৰ সৈতে মিতিৰালি কৰি অগপই বিজেপি দলক বিশ্বাসঘাতকতা কৰিলে।‘‘

অৱশ্যে, অগপই কংগ্ৰেছ আৰু এআইয়ুডিএফৰ লগত মিত্ৰতা কৰাৰ বাবে বিজেপিৰ ৰাজনৈতিকভাৱে লাভালাভ হৈছে বুলিও তেওঁ মন্তব্য কৰে।

তদুপৰি, যিহেতু অগপৰ সৈতে বিজেপিৰ মিত্ৰতা কেন্দ্ৰীয় পৰ্য্যায়ৰ নেতৃত্বৰ নিৰ্দেশত হৈছিল গতিকে নিৰ্বাচনৰ পাছত কেন্দ্ৰীয় নেতৃত্বই অগপৰ সৈতে মিত্ৰতা ভংগ কৰিব নে নকৰে, সেই কথাৰ সিদ্ধান্ত কৰিব বুলি তেওঁ কয়।

মিত্ৰতা ভংগৰ সন্দৰ্ভত ৰাজ্যিক নেতৃত্বই নিৰ্বাচনৰ পাছত আলোচনাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বক জনাব। গোস্বামীৰ এই মন্তব্যৰ পৰা অগপ-বিজেপিৰ মিত্ৰতাৰ চিৰাল-ফাঁট দিয়াটোৰেই ইংগিত বহন কৰিছে।