পঞ্চায়ত নিৰ্বাচনত মোক্ষম আঘাত পালে অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে। ৰাজ্যৰ অন্য প্ৰান্তৰ কথা বাদেই খোদ সভাপতি অতুল বৰাৰ গৃহসমষ্টি বোকাখাততে নিৰ্লজ্জভাৱে পৰাস্ত হ’বলগীয়া হয় অগপ।
নিজৰ স্বাৰ্থসিদ্ধৰ বাবেই কাম কৰি অহা সভাপতি অতুল বৰাই এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নিজৰ সমষ্টিত অপৰাধী লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলটোৰ নিকা ছবি বহু পৰিমানে ম্লান হোৱাৰ লগতে নিৰ্বাচনত সৰ্বত্ৰে মুখ থেকেচা খোৱা বুলি বোকাখাতৰ সাধাৰণ ভোটাৰে মন্তব্য কৰে।
ঘোষিত ফলাফল অনুসৰি বোকাখাত মহকুমাৰ অন্তৰ্গত ৪খন জিলা পৰিষদ ক্ৰমে ৰঙামাটি জিলা পৰিষদ, কাজিৰঙা জিলা পৰিষদ, মহুৰা জিলা পৰিষদ আৰু বোকাখাত জিলা পৰিষদ কেইখন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।
আনহাতে বোকাখাতৰ ২০ টা পঞ্চায়তৰ সভাপতি পদৰ বাবে হোৱা নির্বাচনত ৬টাত অগপই, এটাত কংগ্ৰেছ, ১৩টাত বিজেপিয়ে দখল কৰিছে। তদুপৰি ২০টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ নিৰ্বাচনত অগপই ৩খত, এখন আসন কংগ্ৰেছ আৰু বিজেপিয়ে ১৬খন আসন লাভ কৰে।
ইয়াৰ উপৰি ২০০টা গাঁও পঞ্চায়ত সদস্য পদৰ নিৰ্বাচনত ৭১টাত অগপই, ২৬টাত কংগেছ, ১০০টাত বিজেপি আৰু ২টাত নিৰ্দলীয় দলৰ প্ৰাৰ্থী জয়যুক্ত হোৱাৰ লগতে ১৩ নং মধ্য মহুৰা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ অগপ দলৰ প্ৰাৰ্থী পদুম দাসে বিনা প্ৰতিদ্বন্দ্বিতাই জয় লাভ কৰিছে।