মিত্ৰতা বিচাৰি পুনৰ বিজেপিৰ দুৱাৰত টুকুৰিয়াবলৈ আগ্ৰহী অগপ!

AGP

আমবাৰীত সংবাদমেল দি অগপৰ নেতৃত্ব। ফটো : য়ু বি।

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ আয়ুস ৰাজ্যসভাতে অন্ত পৰাৰ পিছত ইয়াৰ বাবেই বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা অগপ পুনৰ মিত্ৰতাৰ বাবে আগ্ৰহী নেকি? আজি সাংবাদিকৰ এই প্ৰশ্নত ৰহস্যজনক স্থিতি প্ৰকাশ কৰিছে দলটোৰ নেতৃত্বই।

আজি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই যুটীয়াভাৱে অগপৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰিছিল।

সংবাদমেলত উৎসুক সাংবাদিকৰ প্ৰশ্নটো আছিল, “যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কখন কালি উত্থাপন নহ’ল, গতিকে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা আছে নেকি?

উত্তৰত দলটোৰ সভাপতি অতুল বৰাই পোনপটীয়াভাৱে ‘মিত্ৰতা নকৰো’ বুলি উত্তৰ দিব নোৱাৰিলে।

“আমি কেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ম, মিত্ৰতা কৰিম নে নাই, এই কথাসমূহ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি আমি আগবাঢ়িম”, তাৎপৰ্য্যপূৰ্ণ ইংগিত থকা উত্তৰ বৰাৰ।

“এইকেইটা দিন আমি অত্যন্ত ব্যস্ত হৈ আছো। এই বিলখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিলো। সন্মুখত লোকসভা নিৰ্বাচনো আছে। গতিকে যোৱা দিনকেইটাত অসমৰ ৰাইজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দল-সংগঠনক আস্থা আৰু বিশ্বাসত লৈ সংগ্ৰাম চলাই নিছিলো।”

অতুল বৰাৰ পৰা স্পষ্ট উত্তৰ নাপাই ‘বিজেপিৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি নেকি?’ বুলি পুনৰ সোধে সাংবাদিকজনে।

বৰাই এইবাৰ উভতি ধৰি কয়, “আপুনি পাক লগাবলৈ প্ৰশ্নটো সুধিছে। অসমৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ ভৱিষ্যতৰ দিনসমূহত আগ বাঢ়িম।”

মিত্ৰতা সম্পৰ্কে দলৰ মজিয়াতো আলোচনা কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, “কাৰ লগত যাম, কেনেকৈ যাম সেই কথাও দলৰ মাজত আলোচনা কৰিম।”

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মিত্ৰতা ছেদৰ পিছতে যোৱা ৯ জানুৱাৰি দিনা অগপৰ তিনি মন্ত্ৰীয়ে পদত্যাগ পত্ৰ মুখ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল যদিও এতিয়ালৈকে ৰাজ্যপালৰ হাতত এই পদত্যাগ পত্ৰ পৰাগৈ নাই।

“বিজেপিৰ সৈতে মিত্ৰতা ছেদ হৈছে। আমি পদত্যাগ পত্ৰ দিছো, এতিয়া মুখ্য মন্ত্ৰীয়ে কিয় পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা নাই, সেই কথা তেওঁক সুধিলে আপোনালোকে উত্তৰটো পাব”, পদত্যাগ পত্ৰ ৰাজ্যপালে বৰ্তমানলৈকে লাভ নকৰা প্ৰসংগটো বৰাক আন এগৰাকী সাংবাদিকে উনুকিয়াই দিয়াত বৰাই এইদৰে কয়।

সভাপতিজনৰ আজিৰ বক্তব্যৰ পৰা এইটো স্পষ্ট হয় যে বিজেপিৰ পৰা ইংগিত পালে মিত্ৰতাৰ বাবে তেওঁলোক কম আগ্ৰহী নহয়।

উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বেও কাজিৰঙাত অগপ সভাপতি আৰু কাৰ্য্যকৰী সভাপতি দুয়োজনে নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে, তেন্তে দলটোৱে মিত্ৰতাৰ কথা পুনৰ ভাবিব পাৰে বুলি ইংগিত দিছিল।

ইয়াৰোপৰি, মিত্ৰতা ভংগৰে চৰকাৰৰ পৰা ওলাই অহাৰ পিছতো আঞ্চলিক দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতাই বৰ্তমানো খাদি আৰু গ্ৰামোন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ পদ খামুচি থকা বুলি যোৱা ৮ ফেবৰুৱাৰিৰ দিনা বিধান সভাৰ মজিয়াতে অভিযোগ আনিছিল ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে। লগতে কমলা কলিতাই এতিয়াও লগত ৮জন পি এছ অ’ আৰু দুখনকৈ এছক’ৰ্ট লগত লৈ ফুৰা বুলিও তথ্য দাঙি ধৰিছিল।