“মিত্ৰতা মানে আত্মসমৰ্পণ নহয়,বিজেপিৰ সৈতে মিত্ৰতা হ’বই” অতুল বৰা

"প্ৰদ্যুত বৰদলৈ আন্ধাৰৰ ৰজা আনক জ্বলা কলা খুৱাই পায় মজা" অতুল বৰা

atul

বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা  বিজেপিৰে অগপৰ মিত্ৰতা সন্দৰ্ভত  অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই কয় — “মিত্ৰতা মানে আত্মসমৰ্পণ নহয়।

আমি  বিজেপিৰে মিত্ৰতা অক্ষুণ্ণ ৰাখি একেলগে  নিৰ্বাচন খেলিম।ৰাইজৰ স্বাৰ্থত আমি বন্ধুত্বৰে আগবাঢ়িছোঁ।”

“কংগ্ৰেছ আৰু এ আই যু ডি এফৰ মিত্ৰতা সন্দৰ্ভত বৰাই কয়” ধাৰাবাহিক ভাৱে ২০০১ৰ পৰা ২০১৫ লৈ কংগ্ৰেছ ক্ষমতাত আছিল আৰু সেই ১৫ বছৰে ৰাজ্য খনৰ অৱস্থা সকলো দিশতে  শোচনীয় কৰি পেলালে ।যাৰ বাবে ২০১৬ চনত অসমৰ ৰাইজে  এনে অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছিল আৰু আমিও কংগ্ৰেছক উৎখাত কৰাৰ স্বাৰ্থত বিজেপিৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ।

“বৰাই পুনৰ কয় ” মিত্ৰতা অকল আমিয়ে কৰা নাই, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মিত্ৰতাৰ ৰাজনীতি চলি আছে। দিল্লীতো কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে।”কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাকলৈ তেওঁ আক্ৰমণাত্মক মন্তব্য প্ৰকাশ কৰে।

বৰাই কয় “আজি কংগ্ৰেছ এ আই য়ু ডি এফৰ লগত যোৱা বুলি ক’লে প্ৰদ্যুত বৰদলৈয়ে ব্যৱহাৰ কৰা শব্দটো সমীচীন হয়।

প্ৰদ্যুত বৰদলৈক কোনে নাজানে,তেওঁ এজন ভষ্মাসুৰ। তেওঁ য’তে হাত দিয়ে সেয়াই  ভস্ম হৈ যায়।’
“প্ৰদ্যুত বৰদলৈ আন্ধাৰৰ ৰজা আনক জ্বলা কলা খুৱাই পায় মজা” বুলি বক্ৰোক্তি কৰি  অতুল বৰাই কয়—প্ৰদ্যুত বৰদলৈ থকা সকলো উদ্যোগ ধ্বংস হ’ল।”