NORTHEAST NOW (Assamese)

প্ৰফুল্ল মহন্ত অভিমুখে অগপৰ “ব্যৱস্থা”

May 11, 2019 7:45 pm · অনিৰ্বাণ পাঠক
Updated: May 11, 2019 8:09 pm
প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ছবি।

অগপৰ “ব্যৱস্থা” প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত মুখী হৈছে।

কাৰণ, অসমৰ বাহিৰত দলটোৰ একমাত্ৰ মুখ মহন্ত সম্পৰ্কে “ব্যৱস্থা”পূৰ্ব “দলৰ মজিয়াত আলোচনা”ৰ দিশে আগবাঢ়িছে আঞ্চলিক দলটো।

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্পধাৰী বিজেপিৰ সৈতে অগপৰ মিত্ৰতাক লৈ মুকলি ক্ষোভ প্ৰকাশ কৰি অহাৰ বাবেই এই দিশত আগবাঢ়িছে দলটো।

কথাটো আন নহয়, খোদ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই নৰ্থ ইষ্ট নাও-ত প্ৰকাশ কৰিছে।

“মহন্ত ডাঙৰীয়াৰ কথাটোত এতিয়ালৈ সিদ্ধান্ত লোৱা নাই। এই বিষয়টো লৈ দলৰ মজিয়াত আমাৰ আলোচনা হ’ব। যদি তেনে কোনো তথ্য পোৱা যায় তেনেহ’লে ব্যৱস্থা গ্ৰহণ হ’ব,” কলিতাই জনায়।

বিষয়টোত আছে কংগ্ৰেছৰো প্ৰসংগ। অগপৰ সাধাৰণ সম্পাদকজনৰ মতে, যিসকলে বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰিছে তেওঁলোকৰ নেপথ্যত কংগ্ৰেছ আছে।

কিন্তু মহন্তও “কংগ্ৰেছী”? এই কথা অদ্যপি হোৱা নাই থিৰাং।

“প্ৰফুল্ল কুমাৰ মহন্তৰ কংগ্ৰেছৰ লগত সম্পৰ্ক আছে নে নাই মই সেই কথাটো নাজানো,” কলিতাৰ মন্তব্য।

লগতে পঢ়ক– কংগ্ৰেছৰ আঙুলিত অগপৰ পুতলা নাচ

মহন্ত স্পষ্টভাৱে শেহতীয়া নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল। বিধেয়ক-বিৰোধিতাক নিৰ্বাচনৰ “বিষয়”ৰূপে ল’বলৈ আহ্বান জনায় মহন্তই নিজে ভোট দিয়াৰ পৰা বিৰত আছিল।

বিতৰ্কিত বিধেয়কখন গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্পধাৰী গেৰুৱা দলৰ সৈতে মিত্ৰতাৰ বিৰোধিতাত কেইবাজনো নেতাক ইতিমধ্যে দলটোৱে বহিষ্কাৰ কৰিছে। আনকি কেইবাখনো আঞ্চলিক সমিতিক কাৰণ দৰ্শোৱাৰ জাননী দিব লগা হৈছে।

বিধেয়ক বিষয়টোৰ এতিয়াও কোনো সমাধান সূত্ৰ ওলোৱা নাই।

অগপই বিধেয়ক বিৰোধিতাৰে এসময়ত অসমজুৰি “শংখ”ত ফুঁ দিয়াৰ বিপৰীতে বিধেয়ক গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্প ঘোষণাৰে বিজেপি এই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Related News