মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগ্ৰা ভ্ৰমণক লৈ গাত ত’ত নাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যৰ

taj

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আগ্ৰা ভ্ৰমণ কৰিব। তাকে লৈ গাত ত’তে নাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যৰ।

দেশৰ আটাইতকৈ অপৰিস্কাৰ পৰ্যটন ক্ষেত্ৰৰূপে বিশ্বব্যাপী খ্যাতি আছে আগ্ৰাৰ। সেই পৰ্যটন ক্ষেত্ৰলৈ আহিব বিশ্বৰ আটাইতকৈ ক্ষমতাশালী দেশখনৰ ৰাষ্ট্ৰ প্ৰধানজন।

সেয়ে মুখ  লজ্জাৰ ভয়ত গাত ত’ত নাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। আগ্ৰা ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমগ্ৰ পৰিস্থিতি বুজ লৈছে।

বিমান বন্দৰ পৰা তাজমহলৈকে পথৰ দাঁতিত থকা সকলো জাৱৰ আঁতৰাই পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষক।

মুখ্যমন্ত্ৰী যোগীয়ে আগ্ৰাৰ লগতে তাজমহলত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী যোগীয়ে আগ্ৰা পৌৰ নগৰ নিগমক পৰ্যটকে পেলোৱা প্লাষ্টিক, বটল, পলিথিন জাতীয় সকলো চাফা কৰিবলৈ নিৰ্দেশ দিছে বুলি নিগম কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

এজন শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনাই যে ট্ৰাম্পৰ আগমৰ বাবে বিমান বন্দৰ পৰা তাজমহললৈ ১৫ কিলো্মিটাৰ দূৰত্বৰ পথটোক ২০ টা সুৰক্ষা জ’নত বিভক্ত কৰি নিৰাপত্তাৰ বেহু তৈয়াৰ কৰা হৈছে।

ইফালে আগ্ৰাত নিয়োজিত হৈ থকা শ্ৰমিক-কৰ্মচাৰীসকলক ট্ৰাম্পৰ নিৰাপত্তাৰ খাতিৰত তন্নকৈ তালাচী চলাবলৈ মুখ্য যোগীয়ে নিৰ্দেশ দিয়া বুলি এজন দণ্ডাধীশে জানিবলৈ দিছে। যোগীৰ এই নিৰ্দেশৰ পিছতে আৰক্ষীয়ে শ্ৰমিক-কৰ্মচাৰীক পৰিচয় পত্ৰ প্ৰদান কৰিছে আৰু আৰক্ষীয়ে এই পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পাছতহে তেওঁলোকক তাজমহলত সোমাবলৈ দিছে বুলি দণ্ডাধীশজনে জনাইছে।

ট্ৰাম্পৰ আগমনৰ বাবেই দেশৰ আটাইতকৈ অপৰিষ্কাৰ তথা ব্যস্ত পৰ্যটন ক্ষেত্ৰ আগ্ৰাৰ লগতে তজামহল পৰিস্কাৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

কিন্তু, এই পৰিষ্কাৰ পৰিচন্নতা কিমান দিনলৈ বৰ্তি থাকে সেয়াহে লক্ষণীয় হ’ব।