বোকাখাতত বহুমুখী কৃত্ৰিম প্ৰজনন সেৱা কৰ্মীলৈ টেবলেট প্ৰদান

‘গৰু পোহাটো অসমৰ জাতীয় পৰম্পৰা।প্ৰতি ঘৰতে গৰু আছে। কিন্তু নাই গাখীৰৰ উৎপাদন । সেয়েহে অসম চৰকাৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন আয়োগৰ সৈতে লগলাগি এক আঁচনি গ্ৰহন কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । এই আঁচনিৰ সুফল ডিচেম্বৰ মাহৰ পৰা পোৱা যাব। অসমত প্ৰতি দিনে উৎপাদন হ’ব ১০ লাখ লিটাৰ গাখীৰ’। আজি বোকাখাতত এইদৰে কয় ৰাজ্যৰ কৃষি ও পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই ।

সোমাবাৰে বোকাখাত নাট্য মন্দিৰত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় গকুল মিচনৰ অধীনত গোলাঘাট আৰু যোৰহাট জিলাৰ কৃত্ৰিম গো প্ৰজনন সহায়ক সকলক টেবলেটবিতৰণৰ উদ্দেশ্যে পশুপালন বিভাগৰ উদ্যোগত এক সভা অনুষ্ঠিত হয় ৷

এই সভাত অংশগ্ৰহণ কৰি এনেদৰে কয় মন্ত্ৰী অতুল বৰাই ।

নিজৰ‌ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে আৰু কয় যে বোকাখাতত এখন পশুপালন স্কুল মুকলি কৰা হৈছে । লগতে বোকাখাতত থকা পশু
চিকিৎলয়খনৰ উন্নতি ঘটোৱা হৈছে ।

তাতোকৈও ভাল খবৰ হৈছে বোকাখাত আৰু থাওৰাত দুখন অত্যাধুনিক পশু চিকিৎসালয় স্থাপন কৰিবলৈও সিদ্ধান্ত লোৱা হৈছে ।

অনুষ্ঠানত অসম পশুধন উন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ডা৹ ৰূপজ্যোতি গোহাঁই আৰু গোলাঘাট জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা৹সত্য দত্ত চৌধুৰীও উপস্থিত থাকে ৷

আজি গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ আন দুটা অনুষ্ঠানত ভাগলৈ মন্ত্ৰী গৰাকীয়ে মহিলা সৱলীকৰণৰ অংশ হিচাপে অসম গ্ৰামীণ এক্সপ্ৰেছ আঁচনিৰ অধীনত দুটা মহিলা আত্ম সহায়ক গোটলৈ এখন যাত্ৰীবাহী মেজিক,আৰু এখন যাত্ৰীবাহী টেম্পো বিতৰণ কৰে ।

একেটা কাৰ্যালয় চৌহদতে চাহ জনজাতি কল্যাণ বিভাগ আৰু বোকাখাত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত আন এক কাৰ্যসূচীত মহকুমাটোৰ চাহ বাগিচা সমূহৰ ১৪২ গৰাকী লাইন চকীদাৰক একোখনকৈ চাইকেলো প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয় বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে।