কৃতজ্ঞতাৰ চিনস্বৰূপে উদ্যোগপতি ৰতন টাটাৰ নামত ৭০০ জোপা নিমগছ ৰোপণ কৰিব আহোম সেনাই

বৃহস্পতিবাৰৰ পৰা এজন বিশেষ ব্যক্তিৰ নাম চৰ্চাত আহিছে অসমত। সামাজিক মাধ্যমত অসমবাসীয়ে প্ৰশংসাৰে উপচাই তুলিছে এজন বিশেষ ব্যক্তিক। জীৱনৰ বাকী অংশ অসমৰ বাবে কাম কৰি যাম বুলি পণ লোৱা এই গৰাকী বিশেষ ব্যক্তিকলৈ এতিয়া গৌৰাম্বিত প্ৰতিজন অসমীয়া।

এই বিশেষ ব্যক্তিজন হ’ল দেশৰ উদ্যোগপতি, পদ্মবিভূষণ, অসম বৈভৱ ৰতন নৱাল টাটা। যিগৰাকী ব্যক্তিয়ে অসমত অসম চৰকাৰৰ যৌথ উদ্যোগত ৭ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণ কৰাৰ লগতে আন ৭ খন কেঞ্চাৰ হস্পিতালৰ আধাৰশিলা স্থাপন কৰে।

ডিব্ৰুগড়ত কেঞ্চাৰ কেয়াৰ চেন্টাৰ উদ্বোধন কৰাৰ সময়ত অসমবাসীক উদ্দেশ্যি তেওঁ চমুকৈ যি ভাষণ প্ৰদান কৰিলে সেই চমু ভাষণে প্ৰতিজন অসমীয়াৰ অন্তৰাত্মা চুই গ’ল। তেওঁ কৈছিল, “মই মোৰ অন্তিম বছৰবোৰ অসমক এনে এখন ৰাজ্য হিচাপে তৈয়াৰ কৰাত সহায় কৰিবলৈ উৎসৰ্গা কৰিছো যাক সকলোৱে স্বীকৃতি দিয়ে আৰু স্বীকৃতি লাভ কৰে।”

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত ২০১৮ চনত হোৱা এক চুক্তি অনুসৰি ৰাজ্যত ৭ খন কেঞ্চাৰ হস্পিতেল নিৰ্মাণ কৰা হৈছিল আৰু যোৱা বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এই ৭ খন কেঞ্চাৰ হস্পিতেলৰ উদ্বোধন কৰা হয়।

উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে দিয়া উদ্দাত্ত ভাষণ ম্লান পৰি গ’ল মানৱ দৰদী উদ্যোগপতি ৰতন টাটাৰ মুখৰ পৰা নিগৰা কেইশাৰীমান বাক্যই। লগে লগেই যেন প্ৰতিজন অসমীয়াৰ হৃদয়ত স্থান পালে ৰতন টাটাই।

তাৰ পিছতেই প্ৰতিজন সচেতন অসমীয়াই ৰতন টাটাক অসমবাসীৰ বাবে উৎসৰ্গা কৰা মহৎ কৰ্মৰ বাবে প্ৰশংসাৰে উপচাই তোলে সামাজিক মাধ্যমত।

অসমত কেঞ্চাৰ চিকিৎসাৰ বাবে ৰতন টাটাই যি অৱদান আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনায় আহোম সেনাৰ নুমলীগড় আঞ্চলিক সমিতিয়ে।

লগতে আহোম সেনাই ৰতন টাটাৰ এই মহৎ কৰ্মৰাজিৰ বাবে কৃতজ্ঞতাৰ চিনস্বৰূপে অহা মে মাহৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে ৭০০ জোপা নিমগছৰ পুলি ‘ৰতন বৃক্ষ’ নামেৰে ৰোপণ কৰিব বুলি ঘোষণা কৰে।

ইয়াৰোপৰি আহোম সেনাৰ প্ৰতিজন সদস্যই ৭ দিনলৈ বিশিষ্ট উদ্যোগপতি,  পদ্মবিভূষণ, অসম বৈভৱ ৰতন টাটাৰ ছবি সম্বলিত এক কৃতজ্ঞতা পত্ৰৰ বেজ পৰিধান কৰি তেওঁৰ এই মহান অৱদানক বুকুত কঢ়িয়াই লৈ ফুৰিব বুলি জানিবলৈ দিয়ে আহোম সেনাৰ নেতা অংকুৰন ফুকনে।