• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মেধাসম্পন্ন’ ছাত্ৰ-ছাত্ৰীৰ সপোন ‘গৰিমামণ্ডিত’ কটন বিশ্ববিদ্যালয়ৰ ফলাফলে ম্লান কৰিছে ‘গৰিমা’!

কটন বিশ্ববিদ্যালয়ক ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ বিচৰা হৈছে: ফলাফল ঘোষণাৰ পাছতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 25, 2019 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ‘মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী’ৰ স্বপ্ন ‘গৰিমামণ্ডিত’ কটন বিশ্ববিদ্যালয়ৰ ফলাফলে ম্লান কৰিছে নেকি বিশ্ববিদ্যালয়খনৰ গৰিমা? অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাত মহানগৰীৰ মাজমজিয়াৰ শিক্ষাৰ পীঠস্বৰূপ কটন বিশ্ববিদ্যালয়ৰ পৰা এগৰাকীও শিক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল নকৰাক কেন্দ্ৰ কৰি সচেতন মহলত এই বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে।

বিশ্ববিদ্যালয়খনৰ বিপৰীতে মহানগৰীৰ কে. চি. দাস কমাৰ্চ কলেজ, গুৱাহাটী কমাৰ্চ কলেজ, নুনমাটিৰ অসম জাতীয় বিদ্যালয়, ছাই বিকাশ একাডেমীৰ পৰা তিনিওটা শাখাতে মুঠ ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাক কেন্দ্ৰ কৰি বৈছে আনন্দ উল্লাসৰ লহৰ।

ইপিনে, বিশ্ববিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ এই ফলাফলক লৈ খুব অসন্তুষ্ট ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই বিষয়টোক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

‘কটন বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে দুৰ্বল। এটা ডিপাৰ্টমেন্টত কেৱল ৫ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী আছে। তাৰ বিপৰীতে বিশ্ববিদ্যালয়খনত প্ৰায় ৬৫০০ শিক্ষাৰ্থী আছে। ইমানসংখ্যক শিক্ষাৰ্থী থকা বিশ্ববিদ্যালয় এখনত ১৬০টা প্ৰবক্তাৰ পদ খালী হৈ আছে।‘ নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয় কলিতাই।

ইয়াৰোপৰি, বিশ্ববিদ্যালয় হোৱাৰ পাছৰ পৰা বিভিন্ন বিষয়ৰ বিভাগ সংলগ্ন হোৱাৰ বিপৰীতে শ্ৰেণীকোঠাৰ সংখ্যা কমি গৈছে বুলি মন্তব্য কৰি কলিতাই লগতে কয় ‘কেৱল উচ্চতৰ মাধ্যমিকৰ ফলাফলেই নহয়, ডিগ্ৰীৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰীলৈকে এই সমস্যাত ভুগি আছে।‘

তেওঁ আৰু কয় ‘বিশ্ববিদ্যালয় হোৱাৰ পূৰ্বে একো একোটা বিভাগত ২০-২৫ গৰাকীকৈ শিক্ষক আছিল। তেতিয়া সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীক এক্সট্ৰা টাইম দিব পাৰিছিল, যাৰ বাবে ফলাফল ভাল আছিল। বিশ্ববিদ্যালয় হোৱাৰ পাছত নতুনকৈ শিক্ষক নিযুক্তি নিদিয়াৰ ফলত ফলাফলৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিছে।‘

আনহাতে, ২০১২ চনতে ঋষভ শৰ্মা নামৰ ছাত্ৰজনে অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘২০১৩ চনত বিশ্ববিদ্যালয় হোৱাৰ পাছৰে পৰা আমাৰ ফলাফল একেবাৰে বেয়া। যোৱা বছৰ এজন ছাত্ৰই স্থান লাভ কৰিছিল যদিও এইবাৰ এগৰাকীয়েও স্থান দখল কৰিবলৈ সক্ষম নহ’ল।‘

‘আমি বাৰম্বাৰ কৈ আহিছো, কটনখনক ধ্বংস কৰিব বিচৰা হৈছে। ব্যক্তিগত মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বহু ভাল ফলাফল হৈছে।‘ আমাৰ সাংবাদিকৰ আগত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে কয়।

মুঠ ৮৭ শতাংশ বা তাতকৈ অধিক শতাংশ লাভ কৰি এই বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ এই ফলাফলৰ পাছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশ নম্বৰ লাভ কৰা এগৰাকী ছাত্ৰক বিশ্ববিদ্যালয়খনত নামভৰ্তি কৰোৱাব বিচৰা এগৰাকী অভিভাৱক দোধোৰ-মোধোৰ পৰিস্থিতিত পৰা দেখিবলৈ পোৱা গৈছে।

মহানগৰীৰ চাংসাৰিৰ নিবাসী ছাত্ৰজনৰ পিতৃয়ে আজিৰ দিনটোত বিশ্ববিদ্যালয়খনত উপস্থিত হোৱাৰ সময়তে আমাৰ সাংবাদিকক কয় ‘কটনৰ এই ফলাফল দেখাৰ পাছত মই দোদুল্যমান অৱস্থাত আছো। দুদিনমান আৰু মই ভাবিব লাগিব ইয়াত এডমিশ্ব্যন দিওঁ নে নিদিওঁ। কটনৰ সৰ্বোচ্চ নম্বৰ ৯২ শতাংশহে, যিটো অন্য চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়ৰ তুলনাত খুবেই কম।‘

উল্লেখযোগ্য যে, এইবাৰ কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত মুঠ ৫৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত প্ৰথম বিভাগত ৪২০ গৰাকী, দ্বিতীয় বিভাগত ৯৮ গৰাকী আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ। বিজ্ঞান শাখাৰ ৫৪৯ গৰাকীৰ ৫২১ গৰাকীহে উত্তীৰ্ণ হয় বিশ্ববিদ্যালয়খনত।

তাৰ বিপৰীতে, কলা শাখাত মুঠ ১৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ১২৯ গৰাকী, দ্বিতীয় বিভাগত ৩৩ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকী উত্তীৰ্ণ হয়। শাখাটোত ১৭৩ গৰাকী অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ ১৬৪ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm
এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm
এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd