NORTHEAST NOW (Assamese)

আগৰতলা বিমান বন্দৰত ১৭০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ ৩জন

December 14, 2018 7:18 am · পিনাকী দাস

এয়াৰ ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী আৰু বিমানবন্দৰ আৰক্ষীয়ে ১৭০ কেজি গাঞ্জাসহ ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত গাঞ্জাখিনি আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত কলিকতালৈকে লৈ যোৱাৰ বাবে বুক কৰা হৈছিল বুলি আৰক্ষীয়ে জনাইছে।

গাঞ্জাখিনি সম্পৰ্কে তথ্য লাভ কৰাৰ পাছত এনচিচি আৰক্ষী থানাৰ মহকুমা আৰক্ষী বিষয়া ধ্ৰুব নাথে বিমান বন্দৰলৈ দৌৰি আহে আহে এয়াৰ ইণ্ডিয়াৰ সহকাৰী প্ৰবন্ধক (নিৰাপত্তা) সঞ্জীত গেব বৰ্মনৰ সৈতে এই অভিযানটোৰ নেতৃত্ব দিয়ে।

গাঞ্জাখিনি প্ৰতিটো পেকেটত ১০ কেজি হিচাপত ১৭টা পেকেটত অনা হৈছিল। এই সমগ্ৰ পেকেটকেইটা থাৰ্মক’লৰ বাকছত লুকুৱাই অনা হৈছিল। এয়াৰ ইণ্ডিয়াৰ কাৰ্গো ছেকশ্যনত এই গাঞ্জাখিনি মাছ বুলি কোৱা হৈছিল। কিন্তু এক্সৰে’ স্কেনিঙৰ সময়ত সতৰ্ক নিৰাপত্তাৰক্ষীয়ে গম পাইছিল যে সেই চালানখিনি মাছ নহয় অন্য কিবাহে অনা হৈছে। সেয়েহে নিৰাপত্তাৰক্ষীসকলে আৰক্ষীৰ উপস্থিতিত মানুহেৰে পৰীক্ষা কৰাৰ বাবে আগবাঢ়িছিল। সেইসময়ত বাকছসমূহত লুকুৱাই অনা শুকান গাঞ্জাখিনি ধৰা পৰিছিল।

লগে লগে কেৰিং এজেঞ্চীৰ কৰ্মচাৰী অমিতাভ দত্তক গ্ৰেপ্তাৰ কৰা হয়। জেৰা সময়ত আৰক্ষীয়ে বাপি চৌধুৰী আৰু পৰিমল দত্ত নামৰ আৰু দুজন লোকৰ তথ্য লাভ কৰে। বাপী চৌধুৰী হৈছে কেৰিং এজেঞ্চীটোৰ মালিক। পৰিমল দত্তৰ মতে বাপি চৌধুৰী হৈছে চালানকাৰী।

উল্লেখ্য যে বিজেপি-আইপিএফটি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বিগত ৯ মাহত মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। এই সময়চোৱাত নিৰাপত্তাৰক্ষীসকলে ৬৪০০০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে শতাধিক ড্ৰাগ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে গাঞ্জাৰ বাহিৰেও হিৰে’ইন, ব্ৰাউন ছুগাৰ, য়াবা টেবলেট আৰু আন আন বে-আইনীভাৱে সৰাবৰাহ কৰা চালান বিপুল মাত্ৰাত জব্দ কৰা হৈছে।

Related News