৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ
কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানলৈকে প্ৰসাৰিত হৈছে এই সমস্যা। আন্তঃগাঁথনিৰ অভাৱত দেশৰ বহু শিক্ষানুষ্ঠান কাৰ্যতঃ মৃত্যুমুখত পৰিছে। কেন্দ্ৰীয় বিদ্যালয় বা নৱোদয় বিদ্যালয়ত হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে। একেদৰে বিগত তিনিটা বিত্তীয় বৰ্ষত সমগ্ৰ দেশতে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে।
সোমবাৰে সংসদত এনে তথ্যই দাখিল কৰে শিক্ষা মন্ত্ৰালয়ে। আৰু সেই পৰিসংখ্যাই দেশৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বল অৱস্থাৰ কথাকে উদঙাই দিয়ে।
সমগ্ৰ দেশৰ বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠান বন্ধ কৰাৰ সন্দৰ্ভত সোমবাৰে লোকসভাত কংগ্ৰেছৰ সাংসদ ৰাহুল কাছৱানে লিখিত প্ৰশ্ন উত্থাপন কৰিছিল। শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সুকান্ত মজুমদাৰে লিখিত উত্তৰত দাখিল কৰা খতিয়ান সঁচাকৈয়ে যথেষ্ট উদ্বেগজনক।
সেই খতিয়ানত সুকান্ত মজুমদাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৬-২৭ চনলৈকে বন্ধ হৈ থকা কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ হিচাপ দিছে। দেখা গৈছে যে উক্ত তিনিটা বিত্তীয় বৰ্ষত সমগ্ৰ দেশতে ৩৪২ টা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে।
উল্লেখযোগ্য যে এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত সমগ্ৰ দেশতে ৮৩ টা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, ২০২৫-২৬ বিত্তীয় বৰ্ষত ১২৪ টা আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষত ১৩৫ টা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰা হৈছে।
২০২৬-২৭ বিত্তীয় বৰ্ষত এতিয়ালৈকে বিজেপি শাসিত মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫টা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ২৬টাৰে উত্তৰ প্ৰদেশ শীৰ্ষত আছিল। ২০২৪-২৫ বিত্তীয় বৰ্ষত মধ্যপ্ৰদেশে ২২টাৰে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল।
মন্ত্ৰী সুকান্ত মজুমদাৰে লগতে কয় যে ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেছন (এআইচিটিই)ৰ অধীনত পঞ্জীয়নভুক্ত কাৰিকৰী প্ৰতিষ্ঠানৰ সংখ্যা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।