কৰ’না ভেকচিনৰ জৰুৰী অনুমোদন ডিচেম্বৰত! কি ক’লে এইমছৰ সঞ্চালক গুলেৰিয়াই?

554115-randeep-new-750x375

ডাঃ ৰণদীপ গুলেৰিয়া।

ডিচেম্বৰৰ শেহৰ পিনে কৰ’না ভেকচিনৰ জৰুৰী অনুমোদন পোৱা যাব পাৰে। বৃহস্পতিবাৰে এই দাবী কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

দেশত একাধিক কোভিড-১৯ৰ ভেকচিনৰ চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল চলিছে। কেন্দ্ৰীয় চৰকাৰেও ইতিমধ্যে ভেকচিন বিতৰণৰ পৰিকল্পনা সম্পৰ্কত চৰ্চা আগবঢ়াইছে।

চলিত মাহৰ শেহৰ পিনে অথবা ২০২১ৰ জানুৱাৰি মাহৰ আগভাগতে দেশখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষই ভেকচিনৰ প্ৰয়োগৰ জৰুৰী অনুমোদন দিব পাৰে।

ডাঃ গুলেৰিয়াই সাংবাদিকৰ আগত কয়, ‘’ভাৰতত এতিয়াও আমাৰ ওচৰত এনে কিছুমান ভেকচিন আছে যাৰ চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল চলিছে। আমাৰ আশা এই মাহৰ শেষত বা পৰৱৰ্তী মাহৰ আৰম্ভণিতেই আমাৰ দেশৰ স্বাস্থ্য নিয়্ন্ত্ৰক কৰ্তৃপক্ষসমূহৰ পৰা ভেকচিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদন লাভ কৰিম।‘’

ডাঃ গুলেৰিয়াই দাবী কৰা মতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ ফালৰ পৰা বৰ্তমান যুদ্ধকালীন তৎপৰতাৰে ভেকচিনৰ বিতৰণ ব্যৱস্থা, শীতলীকৰণ ব্যৱস্থা ,সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰস্তুতি তথা ভেকচিন প্ৰদানকাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা আদিৰ কাম চলিছে।

তদুপৰি, ট্ৰায়েল চলি থকা ভেকচিনসমূহ নিৰাপদ তথা কাৰ্যক্ষম বুলি জানিব পৰা গৈছে। প্ৰায় ৭০-৮০হাজাৰ স্বেচ্ছাসেৱকক দিয়া ভেকচিনৰ ক্ষেত্ৰত কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা দিয়া নাই।