৯০ চেকেণ্ডত সম্পন্ন কৰিলে বিৰল অস্ত্ৰোপচাৰ : দিল্লী AIIMS ৰ অভূতপূৰ্ব সফলতা

দিল্লী AIIMS ৰ চিকিৎসকসকলে এটা অতি বিৰল অস্ত্ৰোপচাৰ কৰি অভূতপূৰ্ব সফলতা লাভ কৰে। মঙল বাৰে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবিয়াই টুইটযোগে প্ৰচাৰ কৰে এই খবৰ। 

চিকিৎসালয়খনলৈ এগৰাকী ২৮ বছৰীয়া গৰ্ভৱৰ্তী মহিলা আহে। মহিলা গৰাকীৰ গৰ্ভ পৰীক্ষা কৰি চিকিৎসক সকলে জানিব পাৰে যে মহিলাগৰাকীৰ গৰ্ভত থকা ভ্ৰুণটিৰ হৃদযন্ত্ৰৰ এটা ডাঙৰ সমস্যা আছে। এতিয়াই এই অস্ত্ৰোপচাৰ নকৰিলে ভ্ৰুণটি বিকাশ হৈ জন্ম হোৱাৰ পিছত এই সমস্যা ক্ৰমাগতভাবে বাঢ়ি থাকিব। গতিকে এনে পৰিস্থিতিত চিকিৎসকে ভ্ৰুণৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়।

কিন্তু মূল সমস্যাটো আছিল সময়। ভ্ৰুণটিৰ এই অস্ত্ৰোপচাৰ মাত্ৰ ৯০ ছেকেণ্ডতে সম্পন্ন কৰিব লাগিব। সকলো কাম মাত্ৰ ৯০ চেকেণ্ডৰ ভিতৰতে কৰিব লাগিব। অন্যথা সময়ৰ ইফাল সিফাল হ’লেই ভ্ৰুণটিৰ মৃত্যু হ’ব।

উল্লেখ্য যে মহিলা গৰাকীয়ে তিনিবাৰকৈ গৰ্ভধাৰণ কৰিছিল যদিও সন্তান জন্ম দিবলৈ সক্ষম হোৱা নাছিল। সেয়ে এইবাৰ গৰ্ভধাৰণ কৰাৰ পিছত দম্পতীহালে শিশুটিক বচাবলৈ বদ্ধপৰিকৰ।

কিন্তু চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে ভ্ৰুণটোৰ অপৰিপক্ক হৃদযন্ত্ৰত ডাঙৰ সমস্যা আছে। ফলত শিশুটিৰ স্বাভাৱিক বিকাশৰ সম্ভাৱনা প্ৰায় নাই।

কিন্তু দিল্লী AIIMS ৰ চিকিৎসকে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি ভ্ৰুণটো সুস্থ কৰাৰ সিদ্ধান্ত লয়। চিকিৎসকৰ তৎপৰতাত মাত্ৰ ৯০ চেকেণ্ডৰ ভিতৰতে ভ্ৰুণটিৰ জটিল হৃদতন্ত্ৰৰ সমস্যাৰ অস্ত্ৰোপচাৰ সফলভাবে সম্পন্ন হয়।

চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীৰ তল পেটৰ মাজেৰে বেজী এটা সুমুৱাই দিয়ে। যি পোনপটীয়াকৈ ভ্ৰুণৰ হৃদযন্ত্ৰত উপনীত হয়। তাত বেলুন কেথেটাৰৰ জৰিয়তে বন্ধ হৈ থকা হৃদযন্ত্ৰৰ ভালভটো পুনৰ সক্ৰিয় কৰা হয়।

চিকিৎসকে অলপ লৰচৰ কৰিলেও ভ্ৰুণৰ মৃত্যু হ’লহেঁতেন। কিন্তু চিকিৎসকৰ সহায়ত এই জটিল অস্ত্ৰোপচাৰ সফল হ’ল। কেৱল সেয়াই নহয় বৰ্তমান মাতৃ আৰু গৰ্ভত থকা সন্তানটো সুস্থ।

AIIMS ৰ কাৰ্ডিঅ’থ’ৰেচিক ছায়েন্স চেণ্টাৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়, “আল্ট্ৰাছাউণ্ডৰ নিৰ্দেশনাৰে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল। আন সময়ত এঞ্জিঅ’গ্ৰাফী ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন যদিও এই ক্ষেত্ৰত সেয়া সম্ভৱ নহ’ল। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সময়। কাৰণ অৱস্থাটো বেছি দীঘলীয়া হ’লে ভ্ৰুণৰ মৃত্যু অনিবাৰ্য। কিন্তু বেছি সময় নালাগিল। ঠিক ৯০ ছেকেণ্ডতে সকলো ঠিক হৈ গ’ল।”