প্ৰেমিকাক পলুৱাই নিয়া পুত্ৰৰ বাবে কাৰাবন্দী পিতৃ : মুক্তিৰ দাবীত মহিলা সংগঠনৰ প্ৰতিবাদ

Demand-for-release-750x375

নিখিল ভাৰত মহিলা সাংস্কৃতিক সংগঠনৰ ওদালগুৰি গোটে বৃহস্পতিবাৰে প্ৰফুল্ল শৰ্মাক মুক্তি দিয়াৰ দাবীত টংলা চহৰৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদল। ফটো : নৰ্থইষ্ট নাও

পুত্ৰই প্ৰেমিকাক পলুৱাই নিয়াৰ অপৰাধৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে পিতৃ। এই ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত হাতীবন্ধা গাঁৱৰ।

ঘটনা অনুসৰি প্ৰফুল্ল শৰ্মা (৫৫) নামৰ ব্যক্তিজনৰ পুত্ৰ জ্যোতিষ শৰ্মাই (২৩) দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্যাসপাৰাৰ বাসিন্দা কেশব শৰ্মাৰ কন্যা পিংকি দেৱীক (১৯) যোৱা ৩১ অক্টোবৰত পলুৱাই নিয়ে।

এই ঘটনাৰ পাছতে ছোৱালীজনীৰ পৰিয়ালে যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

যোৱা ২৬ নৱেম্বৰত ছিপাঝাৰ আৰক্ষীয়ে জ্যোতিষৰ পিতৃ আৰু মাতৃক আটক কৰে আৰু অপহৰণৰ অভিযোগৰ গোচৰত পিতৃগৰাকীক দৰঙৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে তেওঁক যোৱা ২৭ নৱেম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই ঘটনাই টংলা চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

ছ’চিয়েলিষ্ট য়ুনিটি চেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট)ৰ মহিলা শাখা, নিখিল ভাৰত মহিলা সাংস্কৃতিক সংগঠন(এআইএমএছএছ)ৰ ওদালগুৰি গোটে বৃহস্পতিবাৰে হাতে হাতে প্লেকাৰ্ড লৈ টংলা চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায় আৰু প্ৰফুল্ল শৰ্মাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত টংলা আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

এ আই এম এছ এছৰ কৰ্মীসকলে অভিযোগ কৰে যে পলায়ন কৰাৰ পাছত যুৱক-যুৱতীহাল যোৱা ৩১ অক্টোবৰত হাতীবন্ধা গাঁৱৰ যুৱকজনৰ ঘৰলৈ আহিছিল আৰু তাৰ পাছত যুৱতীৰ পিতৃ কেশৱ শৰ্মা আৰু মোমায়েক দেৱ শৰ্মাই যুৱকজনৰ ঘৰলৈ আহি গৈছিল।

গাওঁখনৰ গাওঁবুঢ়াইয়ো যুৱক-যুৱতীহালৰ অভিভাৱকৰ উপস্থিতিত গাঁৱবাসীৰ এখন সভা পাতিছিল য’ত যুৱতীগৰাকীয়ে তেওঁৰ অভিভাৱকৰ সৈতে যাবলৈ অস্বীকাৰ কৰিছিল।

আনহাতে, অভিযোগ মতে ক্ৰোধিত হৈ পৰা মোমায়েকে তাতেই বাগিনীয়েকক মাৰধৰো কৰে আৰু ঘটনাস্থলীৰ পৰা কোনোমতে পলাই যাবলৈ সক্ষম হয়।

এ আই এম এছ এছ এ প্ৰফুল্ল শৰ্মাৰ বিৰুদ্ধে অপহৰণৰ এক ভুৱা গোচৰ ৰুজু কৰাৰ বাবে আৰক্ষীক তীব্ৰ গৰিহনা দিয়ে।

মহিলা সংগঠনটোৰ কৰ্মীসকলে প্ৰফুল্ল শৰ্মাক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে চাৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ হৰিশিঙা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ওদালগুৰিৰ উপায়ুক্তক প্ৰেৰণ কৰে।