ভাৰতীয় বায়ুসেনাৰ বিখ্যাত আকাশ গংগা স্কাইডাইভিং দলৰ এজন পেৰা জাম্প প্ৰশিক্ষকে শনিবাৰে উত্তৰ প্ৰদেশৰ আগ্ৰাত প্ৰশিক্ষণ প্ৰদান কৰি থকাৰ সময়ত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰশিক্ষণৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাক্ৰম আনুসৰি শনিবাৰে বায়ুসেনাৰ স্কাই ডাইভিং প্ৰশিক্ষক ৰামকুমাৰ তিৱাৰীৰ পেৰাচুত কাৰিকৰী বিজুতিৰ বাবে সময়মতে পেৰাচুট খোলা নাছিল বাবে শ শ ফুট তলত বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় বায়ু সেনাৰ বিষয়া গৰাকী। চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে এপ্ৰিল মাহাৰ আৰম্ভণিতে গুজৰাটৰ জামনগৰত বায়ুসেনাৰ জেগৱাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলট সিদ্ধাৰ্থ যাদৱৰ মৃত্যু হৈছিল। সেই ঘটনাৰ তিনিদিন পিছতে আন এক দুৰ্ঘটনাত বায়ুসেনাৰ আন এগৰাকী বিষয়াৰ মৃত্যু হয়। বায়ুসেনাৰ আকাশগংগা স্কাইডাইভিং দলৰ প্ৰশিক্ষকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বায়ুসেনাই।