Jioক প্ৰত্যাহ্বান জনাই Airtelয়ে মুকলি কৰিলে Xstreamপ্লেন; চাওক সৱিশেষ

WhatsApp Image 2020-09-07 at 8.49.21 AM

টেলিকম কোম্পানী ভাৰতী এয়াৰটেলে এইবাৰ মুকলি কৰিলে নতুন প্লেন Xstream। এই প্লেন ৪৯৯টকাৰে আৰম্ভ হৈছে আৰু এই প্লেনত আনলিমিটেড ডাটা আগবঢ়োৱা হ’ব।

ইয়াৰ পূৰ্বে ৰিলায়েন্স জিঅ’ই JioFiber ৰ নতুন প্লেনৰ ঘোষণা কৰিছিল আৰু ইয়াৰ আৰম্ভণি মূল্য ৩৯৯টকাৰে কৰা হৈছে।

Airtel Xstream বাণ্ড’ল প্লেনত কোম্পানীয়ে 1Gbpsপৰ্যন্ত স্পীড দিব। লগতে আনলিমিটেড ডাটা, এণ্ড্ৰইড4K টিভি বক্স আৰু সকলো OTT এপছৰ সুবিধা আগবঢ়াব।

৪৯৯টকাত Airtel Xstream প্লেনত 40Mbps স্পীড পোৱা যাব। তদুপৰি, আনলিমিটেড ডাটা, আনলিমিটেড কলিং আৰু Airtel Xstream 4K টিভি বক্স আগবঢ়োৱা হ’ব।

এই প্লেনৰ সৈতে OTT প্লেটফৰ্মৰ সুবিধাও দিয়া হ’ব।

সেইদৰে দ্বিতীয়টো প্লেন হৈছে ৭৯৯টকাৰ। এই প্লেনত 100Mbps স্পীড পোৱা যাব। ইয়াতো কোম্পানীয়ে আনলিমিটেড ডাটা, আনলিমিটেড কলিঙৰ সুবিধা দিব। তদুপৰি, এই প্লেনৰ সৈতেও  OTT প্লেটফৰ্মৰ সুবিধা আগবঢ়োৱা হ’ব।

তৃতীয়টো প্লেন হৈছে ৯৯৯টকাৰ। এই প্লেনৰ সৈতে 200Mpbs স্পীড পোৱা যাব। ইয়াতো বিনামূলীয়াকৈ আনলিমিটেড ডাটা, আনলিমিটেড কলিঙৰ সুবিধা আছে। এই প্লেনত Airtel Xstream ৰ উপৰি OTT প্লেটফৰ্মৰ সুবিধা আগবঢ়োৱা হ’ব। ইয়াত Disney+Hotstar, Amazon Prime Video আৰু Zee5 অন্তৰ্ভুক্ত আছে।

চতুৰ্থটো প্লেন হৈছে ১,৪৯৯টকাৰ। এই প্লেনৰ সৈতে 300Mbps স্পীডৰ সৈতে আনলিমিটেড ডাটা, আনলিমিটেড কলিঙৰ সুবিধা থাকিব। ইয়াতো ৯৯৯টকাৰ প্লেনত থকাৰ দৰে OTT প্লেটফৰ্মৰ সুবিধা আগবঢ়োৱা হ’ব।

সেইদৰে পঞ্চমটো প্লেন হৈছে ৩,৯৯৯টকাৰ। এই প্লেনত 1Gbps স্পীড পোৱা যাব। এই প্লেনতো আনলিমিটেড ডাটা, আনলিমিটেড কলিঙৰ সুবিধা আছে। ইয়াতো ১,৪৯৯টকাৰ প্লেনত থকাৰ দৰে OTT প্লেটফৰ্মৰ সুবিধা আগবঢ়োৱা হ’ব।