Jioৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এইবাৰ Airtelয়ে গ্ৰাহকক আগবঢ়াইছে বিনামূলীয়াকৈ 6GB ডাটা

airtel-customer-care-numbers-2def

প্ৰতিনিধিত্বমূলক ফটো।

মোবাইল ব্যৱহাৰকাৰীৰ বাবে সুখৱৰ লৈ আহিছে Airtelয়ে। টেলিকম সংস্থাটোৱে ইয়াৰ ২,৩৯৮টকাৰ প্ৰিপেইড ৰিচাৰ্জ প্লেনটো বন্ধ কৰি দিছে।

উক্ত প্লেনত গ্ৰাহকে ৩৬৫দিনৰ ম্যাদৰ লগতে প্ৰতিদিনে ১.৫জিবি হাইস্পীড ডাটা লাভ কৰিছিল।

এতিয়া এই প্লেনটো ২,৪৯৮টকাৰ কৰা হৈছে। বাকী সকলো অফাৰ আগৰ দৰেই থাকিব যদিও ৰিলায়েন্স জিঅ’ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াৰ সৈতে এয়াৰটেলে এইবাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াইছে ৬জিবি ডাটা।

যিসকল গ্ৰাহকে Airtel Thanks এপ ব্যৱহাৰ কৰি ২১৯টকা বা তাতকৈ অধিক আনলিমিটেড প্লেন ৰিচাৰ্জ কৰি থাকে, তেওঁলোকেই এই বিনামূলীয়া ৬জিবি পৰ্যন্ত ডাটাৰ সুবিধা লাভ কৰিব পাৰিব।

এয়াৰটেলৰ গ্ৰাহকসকলে যি ৬জিবি ডাটাৰ ব্যৱহাৰ কৰিব পাৰিব তাৰ ম্যাদ থাকিব ৮৪দিনৰ।

এয়াৰটেলৰ ফালৰ পৰা কোৱা হৈছে যে য়ুজাৰসকলে My Airtel এপৰ  My Coupons শাখাত গৈ অফাৰটো লাভ কৰিব পাৰে।

অৱশ্যে, সংস্থাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এই অফাৰ মাত্ৰ কিছুমান পূৰ্বে নিৰ্ধাৰিত গ্ৰাহকৰ বাবেহে। যিসকলে এই ৬জিবিৰ অফাৰৰ মেচেজ নিজৰ ফোনত লাভ কৰে তেওঁলোকেই ইয়াৰ সুবিধা লাভ কৰিব।

তদুপৰি, যিদিনাই এই মেচেজ আহিব সেইদিনাই ৰিচাৰ্জ কৰিব লাগিব বুলিয়ে কোম্পানীটোৱে স্পষ্ট কৰি দিছে।