কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ গোটেই দেশতে লকডাউন চলি থকাৰ মাজতে টেলিকম সংস্থা ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই ইয়াৰ প্ৰিপেইড গ্ৰাহকক মোবাইল ৰিচাৰ্জৰ চিন্তাৰ পৰা সকাহ দিছে।
কোম্পানী দুটাই প্ৰিপেইড গ্ৰাহকসকল সকলো মোবাইল প্লেনৰ ম্যাদ ৩মে’ পৰ্যন্ত বৃদ্ধি কৰিছে। এতিয়া এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ গ্ৰাহকসকলে ৩মে’ৰ ভিতৰত মোবাইল প্লেন শেষ হৈ গ’লেও ইনকামিং কলৰ সুবিধা লাভ কৰিব।
কোম্পানী দুটাৰ এই সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় ১২ কোটি গ্ৰাহক উপকৃত হ’ব বুলি কোৱা হৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১৭ এপ্ৰিল পৰ্যন্ত এয়াৰটেল আৰু ভোডাফোন আইডিয়াই প্ৰিপেইড গ্ৰাহকৰ মোবাইল প্লেনৰ ম্যাদ বৃদ্ধি কৰিছিল।
শুকুৰবাৰে ভাৰতী এয়াৰটেলে এক বিবৃতিত জনায়,’’যিসকল গ্ৰাহকৰ চলি থকা মোবাইল প্লেনৰ ম্যাদ উকলি গৈছে তেওঁলোকৰ ৰিচাৰ্জ কৰাৰ বিভিন্ন উপায় আছিল। ডিজিটেল প্লেটফৰ্মসমূহৰ উপৰি এ টি এম, পোষ্ট অফিচ,গেলামালৰ দোকান আৰু ফাৰ্মাচীসমূহৰ পৰা তেওঁলোকে নিজৰ মোবাইল ৰিচাৰ্জ কৰিব পাৰিলেহেঁতেন। তথাপিও প্ৰায় ৩ কোটি গ্ৰাহক বাকী থাকি গৈছে যিসকলে তেওঁলোকৰ প্ৰিপেইড মোবাইল ৰিচাৰ্জ কৰা নাই।‘’
এনে সংকটৰ সময়ত সাধাৰণ গ্ৰাহকৰ যোগাযোগৰ কথা মনত ৰাখি কোম্পানীয়ে প্লেনৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে।
ইপিনে, চলি থকা লকডাউনৰ সময়ছোৱাত মোবাইল প্লেনৰ ম্যাদ শেষ হৈ গ’লেও কোম্পানী দুটাৰ কেইবালাখো ফিচাৰ ফোন ব্যৱহাৰকাৰীৰ ইনকামিং কলৰ সেৱা বন্ধ নহয় বুলি এয়াৰটেল আৰু ভোডাফোন আইডিয়াই শুকুৰবাৰে ঘোষণা কৰিছে।
ভোডাফোন আৰু আইডিয়া উভয়তে বিনামূলীয়াকৈ এই সেৱাৰ সুবিধা উপলব্ধ থাকিব। ৩মে’লৈকে এই ইনকামিং কলৰ ম্যাদ বৃদ্ধি কৰাৰ কথাও বিবৃতিটোত কোৱা হৈছে।