বেশ্যাৰ পৰা অভিনেত্ৰী হোৱা নটী বিনোদিনীৰ চৰিত্ৰত দেখিব ঐশ্বৰ্য্য ৰায় বচ্চনক

Aishwarya Rai

দীঘলীয়া বিৰতিৰ মূৰত এইবাৰ অনুৰাগী সকলে এক নতুন ৰূপত দেখা পাব বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনক।

অভিনেত্ৰীগৰাকীয়ে প্ৰদীপ সৰকাৰৰ পৰৱৰ্তী চিনেমাত অভিনয় কৰাৰ সম্ভাৱনা আছে। যিখন চিনেমা বেশ্যাৰ পৰা অভিনেত্ৰী হোৱা বিনোদিনী দাসৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হ’ব।

বিনোদিনী দাসক নটী বিনোদিনী বুলিও জনা যায়। বঙালী ভাষী বিনোদিনী কলকাতাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপেও পৰিচিত।

মাত্ৰ ১২ বছৰ বয়সতে অভিনয় আৰম্ভ কৰা বিনোদিনীয়ে অভিনয় কেৰিয়াৰ সামৰিছিল ২৩ বছৰ বয়সত। ১৯১৩ চনত প্ৰকাশিত আত্মজীৱনীমূলক গ্ৰন্থ ‘অমৰ কথা’ত তেওঁ এই কথা প্ৰকাশ কৰে।

মৰ্দানী আৰু পৰিনীতাৰ দৰে হিট ছবি উপহাৰ দিয়া পৰিচালকগৰাকীয়ে এইবাৰ বিনোদিনী দাসৰ জীৱন ৰূপালী পৰ্দাত দাঙি ধৰাৰ যি ইচ্ছা প্ৰকাশ কৰিছে তাক লৈ এতিয়া বলিউদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

চিনেমাখনক লৈ উৎসাহী হৈ থকা পৰিচালক প্ৰদীপ সৰকাৰে ঐশ্বৰ্য্য সন্দৰ্ভত মন্তব্য কৰি কয়, ‘বায়’পিকখনৰ বাবে সদাই মোৰ মনত ঐশ্বৰ্য্যই আছিল’।

‘কিছু মাহ পূৰ্বে মই তেওঁক লগ কৰিছিলো। কাহিনীটো তেওঁৰ পচন্দ হৈছিল আৰু এই প্ৰজেক্টটোত কাম কৰিম বুলি সন্মতি দিছিল’। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত পৰিচালক প্ৰদীপ সৰকাৰৰ মন্তব্য।