NORTHEAST NOW (Assamese)

আইজল ফুটবল ক্লাবত অন্তর্ভুক্ত ডিফেণ্ডাৰ মৈৰানথেম গোবিন্দ সিং

August 23, 2018 6:10 pm · ছাংজুৱালা মাৰ
Updated: August 23, 2018 6:11 pm

স্বাধীনতা দিৱস প্ৰতিযোগিতাত চিঙা ভেং ফুটবল ক্লাবৰ হাতত পৰাজয় বৰণ কৰাৰ পাছত আইজল ফুটবল ক্লাবে অভিজ্ঞতাপুষ্ট ডিফেণ্ডাৰ মৈৰানথেম গোবিন্দ সিঙক দলটোত অন্তৰ্ভুক্ত কৰিছে।  পূৰ্বতে সিঙে নেৰোকা (NEROCA) ফুটবল ক্লাবৰ হৈ খেলিছিল।

ইয়াৰ পূৰ্বে মিজোৰামৰ একমাত্ৰ আই-লীগ দলটোৱে এগৰাকী প্ৰবীণ গোলকীপাৰ গুৰপ্ৰীত সিং চাব্বালক চামিল কৰাইছিল।

২০০৮ চনত পেছাদাৰী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা মৈৰানথেম গোবিন্দ সিঙে গোৱাৰ চাৰ্চিল ব্ৰাডাৰ্ছৰ হৈ খেলি প্ৰথম বৰ্ষতেই সন্মানীয় আই-লীগৰ খিতাপ দখল কৰিছিল। তেওঁ দলটোৰ এটা অবিশ্চেদ্য অংগ আছিল আৰু প্ৰথম বৰ্ষত অনুষ্ঠিত ২২ খন মেচৰ ১৬ খন খেলত অৱতীৰ্ণ হৈছিল।

অলপতে তেওঁ য়ুনাইটেড ছিকিম, শ্বিলং লাজং, দিল্লী ডায়নেমোজ, ৰয়েল ৱাহিংদোহ আৰু ফুচবল ক্লাব পুনে চিটিৰ আইএছএল দলৰ হৈ খেলিছে।

৩০ বৰ্ষীয় ডিফেণ্ডাৰ গৰাকীয়ে নেৰোকাৰ হৈ আই-লীগৰ বিগত বৰ্ষৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। গৌৰামাংগি সিঙৰ সৈতে তেওঁৰ এটা সুন্দৰ যোঁট বন্ধন হৈছিল। গোবিন সিঙে  ২০১১ চনৰ ২১ মাৰ্চত চাইনীজ টাইপেইৰ বিৰুদ্ধে প্ৰথম আন্তৰ্জাতিক মেচখন খেলিছিল আৰু দ্বিতীয় বাৰ ২০১২ৰ জানুৱাৰিত নতুন দিল্লীত অনুষ্ঠিত বাইচুং ভুটীয়াৰ বিদায়ী মেচখনত বেয়াৰ্ন মিউনিখৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল।

আই-লীগৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাবে আইজল ফুটবল ক্লাবে ইতিমধ্যে ডিএছকে আৰু নেৰোকাৰ উইংগাৰ ডেভিদ লালবিয়াকজাৰা, মুম্বাই চিটিৰ মিড ফীল্ডাৰ লালৰিনফেলা আৰু শ্বিলং লাজং একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা ঝোহেৰলিয়ানা আদিক অন্তৰ্ভুক্ত কৰিছে।

Related News