NORTHEAST NOW (Assamese)

পাৱাৰ প্লে! শাৰদ পাৱাৰ বনাম অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ যুঁজত কোন আগবাঢ়িল?

July 5, 2023 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী

শাৰদ পাৱাৰ নে অজিত পাৱাৰ, কোনটো শিবিৰ শক্তিশালী? দুয়োপক্ষই শক্তি প্ৰদৰ্শনৰ যুঁজত নামি পৰিছে। ইতিমধ্যে পানী ঘোলা হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত।

একেবাৰে যোৱা বছৰৰ পৰিস্থিতি এইবাৰো দেখা গৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। সিণ্ডে শিবিৰ বা ঠাকৰে শিবিৰৰ দৰে এইবাৰ মহাৰাষ্ট্ৰত শক্তি প্ৰদৰ্শনত নামিছে পাৱাৰ বনাম পাৱাৰ শিবিৰ।

অজিত পাৱাৰৰ বিদ্ৰোহ আৰু বিজেপিত যোগদানক কেন্দ্ৰ কৰিয়েই ঘটনাৰ সূত্ৰপাত হৈছিল। দেওবাৰে অজিতে বিজেপিত যোগদান কৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হয়। কেৱল সেয়াই নহয়, এন চি পিৰ নাম আৰু প্ৰতীক দাবী কৰি তেওঁ ইতিমধ্যে নিৰ্বাচন আয়োগক আবেদনো দাখিল কৰিছে।

বুধবাৰে অজিত আৰু শাৰদ পাৱাৰ দুয়োৰে নেতৃত্বত দুখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ শেষত দেখা গ’ল অজিতে আহ্বান কৰা বৈঠকত এন চি পিৰ ৩২জন বিধায়ক উপস্থিত হয়।

তেওঁলোকে দাবী কৰে যে আৰু অধিক সংখ্যক বিধায়ক অজিত পাৱাৰৰ পক্ষত আছে। বৈঠকত উপস্থিত নাথাকিলেও তেওঁলোকে সমৰ্থন দি ৰাখিছে।

আনহাতে, শাৰদ পাৱাৰে আহ্বান কৰা বৈঠকত ১৭ জন বিধায়ক উপস্থিত থাকে।

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আজি কয় যে তেওঁ এদিন সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব বিচাৰে।

Related News