অসম মাতৃক ভালপোৱা সকলো আঞ্চলিক দল একত্ৰিত হ’লেহে বিজেপি-কংগ্ৰেছক প্ৰতিহত কৰিব পৰা যাব’: ৰাজু ফুকন

20200927_125057

অসম জাতীয় পৰিষদৰ নেতা ৰাজু ফুকন। ফটো: নৰ্থইষ্ট নাও

‘’অসম মাতৃক ভাল পোৱা সকলো আঞ্চলিক দল একত্ৰিত হলেহে বিজেপি, কংগ্ৰেছক প্ৰতিহিত কৰিব পৰা যাব।‘’

শনিবাৰে শিৱসাগৰত সাংবাদিকৰে হোৱা কথা বতৰাত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ তত্বাধায়ক তথা প্ৰাক্তন আছু নেতা ৰাজু ফুকনে।

তেওঁ লগতে কয় যে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি ,অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আন আন জনগোষ্ঠীয় সংগঠনে অসমৰ বাবে কাম কৰি আছে। এই সকলো সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ হব পাৰিলেহে আমি এই যুঁজত এক শক্তিশালী ৰূপত উপনীত হব পাৰিম।

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত ৰাজু ফুকনে কয়, ‘’নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বুজি উঠিছে যে তেওঁৰ ভৱিষ্যত ৰাজনৈতিক জীৱন সুৰক্ষিত নহয়। সেইবাবে নতুন ৰাজনৈতিক দল গঠন হোৱা দিনৰে পৰা তেওঁ কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে।‘’

অগপ দলে অসমীয়া ৰাইজক  বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে ৰাজু ফুকনে।

তেওঁ কয় যে অগপৰ সাংসদে কা’ৰ সপেক্ষে ভোট দান কৰি অসমীয়া জাতিক প্ৰতাৰণা কৰিলে। যাৰ বাবে অসমৰ ৰাইজে এক বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তি বিচাৰিলে।

উল্লেখ্য যে অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক কমিটি শনিবাৰে চৰাইদেউ জিলাত গঠন কৰা হয়। ৫৩ জনীয়া সদস্যৰে এখন শক্তিশালী আহ্বায়ক কমিটি গঠন কৰা হয় বুলি জানিবলৈ দিয়ে ৰাজু ফুকনে।