অমিত শ্বাহে শ্বহীদক কৰিলে চূড়ান্ত অপমান; সকীয়নি দিলে লুৰীণজ্যোতি গগৈয়ে

index

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ বক্তব্যত অসমৰ জাতীয় জীৱনৰ শ্বহীদসকলক চূড়ান্ত অপমান কৰিলে বুলি দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

দেওবাৰে পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেন্টেলত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক বৈঠকৰ পাছতে সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰীণে।

তেওঁ কয়, ‘গণতান্ত্ৰিক ব্যৱস্থাত গণ আন্দোলনৰ ধাৰা বা ভুমিকাক চূড়ান্তভাৱে নস্যাৎ কৰি আনকি স্বাধীনতা আন্দোলনকো তেওঁ ভয়ংকৰভাৱে ইতিকিং কৰিছে।‘

তদুপৰি, ‘জাতীয় জীৱনৰ বাবে প্ৰাণ ত্যাগ কৰা শ্বহীদক চুড়ান্ত উপলুঙা বা ইতিকিং কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘ই অত্যন্ত অশোভনীয় আৰু ইয়াক কঠোৰ ভাষাৰে গৰিহনা দিছো। ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰত গণ সংগ্ৰামৰ মূল্য সদায় থাকিব।‘

ফেচিষ্ট আৰু স্বৈৰাচাৰী মানসিকতাৰ ব্যক্তিৰ মুখতহে এনেধৰণৰ মন্তব্যবোৰ প্ৰকাশ পায় বুলি লুৰীণে দাবী কৰে।

ইপিনে, অসমৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে জনসাধাৰণক যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া বৰ্তমানো পূৰণ নকৰিলে বুলি অভিযোগ তুলি লুৰীণে লগতে কয়, ‘অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত সাংবিধানিক সুৰক্ষা কবচ দিম বুলি প্ৰতিশ্ৰুতি দিও পূৰণ কৰিব নোৱাৰিলে বাবে সেই সন্দৰ্ভত কালি টু শব্দও ক’ব নোৱাৰিলে অমিত শ্বাহে। এই কথাই অসমৰ জনগণৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ অভাৱকে প্ৰমাণিত কৰিছে।‘

আনহাতে, অমিত শ্বাহে কালি শ্বহীদক লৈ কৰা মন্তব্য ভৱিষ্যতে নকৰিবলৈ সকীয়াই দি লুৰীণে লগতে কয়, ‘শ্বহীদৰ প্ৰতি যাতে অপমানসূচক মন্তব্য ভৱিষ্যতে নিদিয়ে তাৰ বাবে তেওঁলোকক সকীয়াই দিছো।‘