অগপক বিদায় দিয়াৰ বাবে অসমবাসী সংকল্পবদ্ধ হৈছে : লুৰীণ জ্যোতি গগৈ

ফটো : নৰ্থ-ইষ্ট নাও

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি বৰপেটা সত্ৰত উপস্থিত হৈ সেৱা লয়।

লুৰিণজ্যোতি গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ কেইবা গৰাকী নেতা উপস্থিত থাকে।

বৰপেটা সত্ৰত সেৱা লৈ সাংবাদিকৰ আগত তেওঁ কয় যে, সম্প্ৰতি অসমত বিভেদৰ ৰাজনীতি আৰম্ভ হৈছে। এই ৰাজনীতি ওৰ নপৰিলে নৱপ্ৰজন্মৰ যথেষ্ট ক্ষতি হ’ব বুলি তেওঁ কয়।

কৃষি মন্ত্ৰী মন্ত্ৰী অতুল বৰাই সদৌ অসম ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ হেৰুওৱা বুলি আগবঢ়োৱা মন্তব্যৰ বিষয়ে লুৰিণজ্যোতি গগৈক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল। কিন্তু শেহতীয়াকৈ এই দলটোৰ নেতা সকলে অসমীয়াৰ আবেগক ভূলণ্ঠিত কৰি একমাত্ৰ নিজৰ গাদী দখল কৰা কামত ব্যস্ত হৈ পৰিছে’।

‘অসম গণ পৰিষদ দলটোক অসমৰ পৰা বিদায় দিয়াৰ বাবে অসমবাসী সংকল্পবদ্ধ হৈছে। অসম জাতীয় পৰিষদৰ উত্থানত মন্ত্ৰী অতুল বৰাই শংকিত হৈ এতিয়া আবোল তাবোল মন্তব্য দিছে’, বুলি গগৈয়ে মন্তব্য কৰে।

ইয়াৰ পিছতে বৰপেটা চহৰৰ দহাটীৰ একতা ভৱনত উপস্থিত হয় লুৰিণজ্যোতি গগৈয়ে।

লুৰিণজ্যোতি গগৈৰ উপস্থিতিত প্ৰায় ৪৫ গৰাকী অধিবক্তাৰ লগতে কেইবা গৰাকী লোকে আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদ দলত যোগদান কৰে।

যোগদান সভাত ভাষণ প্ৰসংগত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে লুৰিণজ্যোতি গগৈয়ে। এই কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞা, মুখপাত্ৰ জিয়াউৰ ৰহমান, দুলু আহমেদৰ লগতে অন্যান্য নেতা সকল উপস্থিত থাকে।