ৰাজ্যজুৰি কোভিড সঁহাৰি হেল্পলাইন নম্বৰ মুকলি, প্লাজমা বেংক স্থাপনৰো ব্যৱস্থা অজাপৰ

কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত জাতীয় দায়বদ্ধতাৰে কাম কৰাৰ অঙ্গীকাৰ জাতীয় পৰিষদৰ

AJP press meet

সোমবাৰে গুৱাহাটীত অজাপৰ সংবাদমেল।

জাতিৰ প্ৰতি থকা দায়বদ্ধতা পালনৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে সাম্প্ৰতিক কোভিড-সৃষ্ট পৰিস্থিতিত ৰাইজক সহায় কৰাৰ এলানি কার্যসূচী হাতত লৈছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে এক সংবাদ মেলত এই কার্যসূচীৰ সৱিশেষ দাঙি ধৰে।

গগৈ আৰু ভূঞাই প্ৰকাশ কৰা মতে, কোভিড আক্ৰান্ত লোকসকলৰ লগতে কোভিড-পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক দলৰ স্বেচ্ছাসেৱকসকলে সেৱা আগবঢ়াব।

‘জাতীয় সেৱক’ নামেৰে পৰিচিত হ’বলগীয়া দলৰ এই সদস্যসকলে ৰাইজক দৰৱ, খাদ্য তথা অন্য নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানত সহায় কৰিব৷ যিসকল লোক নিজে ৰোগত আক্ৰান্ত হৈছে, যিসকলৰ ঘৰত চিকিৎসা বা অন্য প্ৰয়োজনীয় সামগ্ৰী আনি দিয়া লোক নাই, তেনে লোকৰ বাবে জিলা তথা জিলাৰ অন্তৰ্গত এলেকা ভিত্তিত কিছুমান হেল্পলাইন নম্বৰ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ মুকলি কৰে।

তেওঁ কয় যে উক্ত নম্বৰত ফোন কৰিলে ‘জাতীয় সেৱক’সকলে সংশ্লিষ্ট ব্যক্তিৰ সেই অভাৱ পূৰণৰ হকে অগ্ৰসৰ হ’ব৷ এই ক্ষেত্ৰত বিশেষকৈ কোভিড আক্ৰান্ত লোক, বৃদ্ধ, শিশু আৰু অসহায় মহিলা তথা কন্টেইনমেন্ট জোনৰ ভিতৰত পৰা লোকসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত জাতীয় সেৱকসকলে অগ্ৰাধিকাৰ দিব৷

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, “কোভিড মহামাৰী এতিয়া মহানগীৰৰ লগতে সৰু চহৰ আৰু গ্ৰাম্যাঞ্চললৈয়ো প্ৰসাৰিত হৈছে৷ এনে অৱস্থাত এনে বহু লোক আছে যাৰ হাতত প্ৰয়োজনীয় ধন আছে যদিও সান্ধ্য আইন বলৱৎ হৈ থকা বাবে বা উপযুক্ত লোকৰ অভাৱৰ হেতু দৰকাৰী কামটো সম্পাদন কৰিব পৰা নাই৷ আমাৰ জাতীয় সেৱকদকলে ৰাইজৰ এনে ধৰণৰ অভাৱসমূহ পূৰণ কৰিব৷”

আনহাতে, ইতিপূর্বে কোভিডত আক্ৰান্ত হৈ যিসকল লোকে সুস্থ হোৱাৰ পিছত এতিয়া প্লাজমা দান কৰিব বিচাৰে, তেনে লোকৰ নাম পঞ্জীয়নেৰে এটি ‘প্লাজমা বেংক’ স্থাপন কৰি দলে প্লাজমা সেৱাৰ কামো আৰম্ভ কৰিছে৷ এই সংক্ৰান্তত দলে  www.plasmafinder.assamjatiyaparishad.org  নামেৰে এটা ৱেবছাইট মুকলি কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে প্লাজমা দান কৰিব বিচৰা লোকসকলে উক্ত ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিলে ‘জাতীয় সেৱক’সকলে এই ক্ষেত্ৰত প্লাজমা দানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সেৱা আগবঢ়াব আৰু প্লাজমাৰ প্ৰয়োজন হোৱা লোকক দাতাৰ তথ্য় যোগানৰ লগতে প্ৰয়োজন অনুসৰি প্লাজমা দানৰ ক্ষেত্ৰতো সহায় কৰিব৷

গগৈয়ে প্ৰকাশ কৰা জিলা ভিত্তিক কোভিড সঁহাৰি নম্বৰসমূহ হ’ল: কামৰূপ (ম) জিলা- ৯১০১৩২১৬৭৯, ৯৪৩৫৭৩১৮২০; শিৱসাগৰ জিলা- ৮৮২২০৯১৫৭২, ডিব্ৰুগড় জিলা- ৮৮১২৮৭৬৪০৪, দৰং জিলা- ৬৯১০৯৯৭০০১, ধেমাজি জিলা- ৯৯৫৪৩৩২৪৩০, ৯১০১৭৩০২৬৮, ৮৬৩৮২৪০০৭৪, তিনিচুকীয়া জিলা- ৭৫৭৫৯৬৯৫৫৭, নলবাৰী জিলা- ৯৯৫৭৪৪৩০৫২, ৯৮৬৪৬৯৯০৫৮, ৮০১১৪৩০৫১৮, ৯৯৫৪৯০৬০১৩, ৮৬৩৮৫৭৪৬৩৬, হোজাই জিলা- ৯৮৬৪২২২০২৮, ৭০০২৮৩৫৫৮৯, যোৰহাট- ৭০০২৭৯৫২২৭, বঙাইগাঁও জিলা- ৮৬৩৮১৮২১২৯, লখিমপুৰ জিলা- ৯৭০৬০৬৮৯৭১, শোণিতপুৰ জিলা- ৬০২৬৫৫৬৫০৭, মৰিগাঁও জিলা- ৭০০২৩১৯২৮৪, বাক্সা জিলা- ৯৩৬৫১০৬৬৯১, বিশ্বানাথ জিলা- ৯৩৯৪১০৪৯২৯,, শদীয়া মহকুমা- ৮৮২২৫৮৭১৫৬, ধুবুৰী জিলা- ৮৬৩৮২৭৩০৬১, বজালী জিলা- ৮০১১৪৩৪৩৬৮, ৯৯৫৭৭০৯১৭৩, কামৰূপ জিলা- ৯৮৬৪২৯৪২৯৩৷

সংবাদ মেলত দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানো উপস্থিত থাকে৷